আব্দুল হক

নগৰবেৰা : ৰাজ্যত আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজৰ সুসম্পৰ্কৰ অৱনতি ঘটিছে। একাংশ আৰক্ষী বিষয়াৰ বাবেই আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজৰ সুসম্পৰ্কৰ অৱনতি ঘটিছে। নগাঁৱত ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰি ৰখাৰ সময়তে এইবাৰ আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে নগৰবেৰাৰ ৰাইজ।

নগৰবেৰাৰ টুপামাৰীত ৰাইজে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। উত্তেজিত ৰাইজে কৰিলে টুপামাৰী আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দাসৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।

টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দাসে কেইজনমান শ্ৰমিকক মাৰপিট কৰাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰী ৰাইজে। দেওবাৰে নিশা টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দাসে মদ্যপান কৰি একাধিক শ্ৰমিকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

আৰক্ষী বিষয়া গৰাকীয়ে প্ৰায়ে সাধাৰন জনতাক মদ্যপান কৰি দূৰ্ব্যৱহাৰ কৰাৰ লগতে মাৰপিট কৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ক্ষুন্ন হৈ স্থানীয় ৰাইজে টুপামাৰী আৰক্ষী চকী ঘেৰাও কৰি ৰাইজে ক্ষোভ ব্যক্ত কৰে। অচিৰেই আৰক্ষী বিষয়া গৰাকীক টুপামাৰী আৰক্ষী চকীৰ পৰা বদলি কৰাৰ দাবী জনাইছে স্থানীয় প্ৰতিবাদকাৰী ৰাইজে।