বৰহাট, ৫ আগষ্টঃ চৰাইদেউৰ বৰহাট মিছাজানত নাহৰফুটুকীৰ সন্ত্ৰাসে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। বৰহাট আঞ্চলিক বনবিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বৰহাট মিছাজানত পুৱা চাহ বাগিচাত পাত তুলিবলৈ যাওঁতে কামিল হেমৰম (২৮) নামৰ মহিলাগৰাকীক নাহৰফুটুকী বাঘে আক্ৰমণ কৰে। বাঘৰ আক্ৰমণৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ বাঘটোক খেদাৰ পৰিকল্পনা কৰোঁতেই বাগিচাৰ মাজত সোমাই থকা প্ৰায় ৫০ কিল’গ্ৰাম ওজনৰ নাহৰফুটুকীটোৱে হাবিৰ মাজৰপৰা ওলাই দলটোক আক্ৰমণ কৰে৷ নাহৰফুটুকী বাঘটোৰ আক্ৰমণত প্ৰেমলাল গড় (৪৭), ৰাজীৱ গড় (৩৮) আৰু অৰুণ সিং (২৮) গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, কামিল হেমৰম, প্ৰেমলাল গড়, ৰাজীৱ গড় আৰু অৰুণ সিঙক বৰহাট চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়ৰ অসম চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷ নাহৰফুটুকীৰ আক্ৰমণত ক্ষুদ্ধ স্থানীয় লোকে পিছত দা, যাঠি, জোংলৈ বাঘটোক আক্ৰমণ কৰি হত্যা কৰে৷