লখিমপুৰ, ৫ আগষ্টঃ লখিমপুৰৰ লালুকত সমীপৰ কাছজুলি ৰঙা ৰিজাৰ্ভত দুপৰীয়া সংঘটিত এক টেক্টৰ দুৰ্ঘটনাত এজন শ্ৰমিক নিহত হয়৷ প্ৰাপ্ত তথ্য মতে, মাটি কঢ়িয়াই গৈ থকা অৱস্থাত আকস্মিকভাৱে টেক্টৰখনে ভাৰসাম্য হেৰুৱাই বাগৰি পৰে৷ শ্ৰমিক জন টেক্টৰখনৰ ইঞ্জিনৰ তলত সোমাই বাহিৰলৈ ওলাব নোৱাৰাত থিতাতে মৃত্যু হয়৷ নিহত শ্ৰমিকজন ঢেকিয়াজুলিৰ প্ৰদীপ জুগ (২৫) বুলি জানিব পৰা গৈছে৷