শোণিতপুৰ : প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পিছতে বন্যপ্ৰাণীৰ বাবে মুকলি পৰিছে বুঢ়া চাপৰি অভয়াৰণ্য (Bura Chapori)। প্ৰশাসনে উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰা অঞ্চলটোত এতিয়া দেখিবলৈ পোৱা যায় বন্যপ্ৰাণীৰ মুক্ত বিচৰণ। এইবাৰ বুঢ়া চাপৰিৰ উচ্ছেদিত অঞ্চলত দেখিবলৈ পোৱা গ’ল ঢেকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে দুটাকৈ ঢেকীয়াপতিয়া বাঘৰ ছবি। ঢেকীয়াপতিয়া বাঘ দুটাৰ ছবি শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে “বিগ কেট ঘৰলৈ উভতি আহিছে।বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদ অভিযানৰ কিছুদিন পিছত আমাৰ কেমেৰাত দুটাকৈ বাঘৰ সুন্দৰ দৃশ্য।” উল্লেখ্য যে কিছুদিন পূৰ্বে অঞ্চলটোত প্ৰশাসনে উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰিছিল।

বুঢ়া চাপৰি অভয়াৰণ্য শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ বুঢ়া চাপৰি অভয়াৰণ্যৰ কেইবা হাজাৰ ভূমি বেদখলকাৰী কবলত আছিল। কিছুদিন পূৰ্বে বুঢ়া চাপৰি অভয়াৰণ্যৰ ১৮৯২ হেক্টৰ ভূমিত উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰা হৈছিল।

বুঢ়া চাপৰি অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৪৪.০৬ বৰ্গ কিলোমিটাৰ। ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল আৰু ১৯৯৫ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে বুঢ়া চাপৰিক স্বীকৃতি প্ৰদান কৰা হৈছিল। এশিঙীয়া গঁড়ৰ লগতে বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ বাসস্থান বুঢ়া চাপিৰ অভয়াৰণ্যখন বেদখলকাৰীৰ কবলত পৰাৰ পিছৰে পৰা ইয়াৰ পৰা ক্ৰমাৎ নাইকিয়া হ’বলৈ ধৰিছিল বন্যপ্ৰাণী সমূহ।

বুঢ়া চাপৰি অভয়াৰণ্যখন বেদখলমুক্ত কৰা বাবে বিভিন্ন সময়ত প্ৰকৃতি প্ৰেমী সকলে চৰকাৰক দাবী জনাই আহিছিল। অৱশেষত চৰকাৰে অভয়াৰণ্যখনৰ ১৮৯২ হেক্টৰ ভূমিত উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰে। বেদখলমুক্ত হোৱাৰ পিছতে পুনৰ অভয়াৰণ্যখনত ঘূৰি আহিছে বন্যপ্ৰাণী সমূহ। শেহতীয়াকৈ ঢেকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণে উৎফুল্লিত কৰি তুলিছে সকলোকে।