আজিজ আলী

নলবাৰী : নলবাৰীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা (Fire Incident)। বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হ’ল এখন ৰেষ্টুৰেণ্ট। কথমপি ৰক্ষা পৰিল কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান।

নলবাৰী জিলাৰ চামতাত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। এখন ৰেষ্টুৰেণ্টত সংঘটিত হোৱা অগ্নিকাণ্ডত ৰেষ্টুৰেণ্টখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। চামতাৰ জিতুমণি নামৰ ৰেষ্টুৰেণ্টখনত সংঘটিত হোৱা অগ্নিকাণ্ডত ৰেষ্টুৰেণ্টখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

চামতাৰ হাইস্কুল চকত থকা পংকজ তালুকদা নামৰ এজন লোকৰ মালিকানাধীন জিতুমণি ৰেষ্টুৰেণ্ট হঠাৎ সূত্ৰপাত হোৱা জুইয়ে বিধ্বংসী অগ্নিকাণ্ডৰ ৰূপ ধাৰণ কৰে। ৰেষ্টুৰেণ্টখনত থকা দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘাটত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

ৰেষ্টুৰেণ্টখনৰ গৰাকী পংকজ তালুকদাৰে জানিব দিয়ে যে অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ৰেষ্টুৰেণ্টখন ভস্মীভূত হোৱাত কেইবা লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হৈছে। এই বিধ্বংসী অগ্নিকাণ্ডৰ পৰা ৰেষ্টুৰেণ্টখনৰ কাষতে থকা চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ লগতে কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান কথমপি ৰক্ষা পৰে।

স্থানীয় ৰাইজে অগ্নিকাণ্ডৰ পৰা ৰেষ্টুৰেণ্টখনক ৰক্ষা কৰাৰ বহু প্ৰচেষ্টা চলায় যদিও বিফল হয়। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত বেলশৰ আৰক্ষী আৰু অগ্নি নিৰবাপক বাহিনীৰ দল উপস্থিত হৈ দীর্ঘসময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।