নলবাৰী, ৮ জুনঃ বৃহস্পতিবাৰে নলবাৰীত উপস্থিত হয় মন্ত্ৰী ৰিহণ দৈমাৰী। জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে জিলাখনৰ উপায়ুক্ত তথা বিভাগীয় বিষয়া আৰু স্থানীয় বিধায়কৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হয়। নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুস্থিত পৰ্যালোচনা সভাত অংশ লোৱাৰ প্ৰাক মূহুৰ্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কয় যে, ৰাজ্যৰ চুকে কোণে থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী আঁচনি সমূহৰ অধিকাংশ বৰ্তমানো বিকল হৈ আছে। এই আঁচনি সমূহ শীঘ্ৰে কাৰ্যক্ষম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ আনহাতে, যি সকল দুখীয়া পৰিয়ালে বৰ্তমানো চৰকাৰী কাৰ্ড সমূহ লাভ কৰা নাই, সেই পৰিয়াল সমূহলৈ চৰকাৰে কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব৷