মানিকপুৰ, ৮ জুনঃ বঙাইগাঁওৰ মানিকপুৰৰ নিকটৱৰ্তী বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বালাৰপেটৰ এজন যুৱকৰ ৰেলগাড়ীত ৰহস্য জনক মৃত্যু হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, বালাৰপেটৰ নিবাসী নুৰ হুছেইনৰ পুত্ৰ শাহানুৰ আলম চেন্নাইৰ পৰা ঘৰলৈ আহোঁতে ৰেলগাড়ীত ৰহস্য জনক ভাবে মৃত্যু হয়৷ শাহানুৰে পাঁচ মাহৰ পূৰ্বে কৰ্মৰ উদ্দেশ্যে চেন্নাইলৈ গৈছিল। যোৱা তিনিদিন আগতে শাহানুৰে সতীৰ্থৰ লগত ডিব্ৰুগড় এক্সপ্ৰেছ নামৰ ৰেলগাড়ীত চেন্নাইৰ পৰা ঘৰলৈ যাত্ৰা কৰিছিল৷ শাহানুৰৰ আগমণক লৈ ঘৰত উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰি থকাৰ মাজতে হঠাতে পৰিয়ালৰ লোকে যুৱকজনৰ ৰেলগাড়ীত ৰহস্য জনক ভাবে মৃত্যু হোৱাৰ সংবাদ পায় । বৰ্তমান যুৱকজনৰ মৃতদেহ পশ্চিমবঙ্গৰ মালদহা আৰক্ষী থানাত আছে বুলি জানিব পৰা গৈছে। যুৱকজনৰ মৃত্যুৰ কাৰণ পৰিয়ালৰ লোকে এতিয়ালৈকে স্পষ্টভাবে জানিব পৰা নাই। তিনিটা সন্তান পিতৃ শাহানুৰৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। পৰিয়ালটোক চৰকাৰী সাহাৰ্য্য প্ৰদান কৰিবলৈ আমছুৰ ভাণ্ডাৰৰ আঞ্চলিক সভাপতিয়ে দাবী জনাইছে।