সৰভোগ,৮ জুলাইঃ চিপিআই(এম)ৰ সৰভোগ আঞ্চলিক সমিটিৰ কাৰ্যালয়ত এছ এফ আইৰ বৰপেটা জিলা সন্মিলন সৰভোগত অনুষ্ঠিত কৰাৰ কাৰণে এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ মনো ভূঞাৰ সভাপতিত্বত আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সংগঠনটোৰ বৰপেটা জিলা  সমিতিৰ সম্পাদক মণ্ডলীৰ সদস্য কমৰেড শুভাশিচ বিশ্বাসে।  শুভাশিছ বিশ্বাসে উদ্দেশ্য বাখ্যাত কয় যে, এছএফআইৰ জিলা সন্মিলন বিগত বহু বছৰ ধৰি অনুষ্ঠিত নোহোৱাত এখন আহ্বায়ক কমিটিৰে কাম কাজ সমূহ চলাই অহা হৈছিল। এখন পুৰ্ণাংগ কমিটি নোহোৱাৰ ফলত সমিতিৰ কাম-কাজত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। সেয়ে ৰাজ্যিক শিক্ষা শিবিৰ খনৰ পূৰ্বে জিলা সন্মিলন খন অনুষ্ঠিত কৰা অতি প্ৰয়োজনীয় হৈ পৰিছে। সাধাৰণ সভাত ১৫ সংখ্যক বৰপেটা জিলা সন্মিলনখন চলিত বৰ্ষৰ আগষ্টৰ ৫ আৰু ৬ জুলাইত সৰভোগত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। উক্ত সন্মিলনখনৰ কাৰণে বিশিষ্ট শিক্ষাবিদ স্বৰ্ণলতা দাসক সভাপতি আৰু হৰ্ষজিৎ দাসক সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। লগতে ৫ আগষ্টত ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰা আৰু বিভিন্ন সমস্যাক লৈ এখন মুকলি সভা অনুষ্ঠিত কৰা হ’ব। সন্মিলনত বৰপেটাৰ প্ৰায় ১২০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।