মাজুলী, ২৭ মেঃ গুৰুজনাই প্রাণ প্রতিষ্ঠা কৰি যোৱা অসমীয়া জাতীয় জীৱনৰ সৰ্বোত্তম সৃষ্টি সত্রীয়া সংস্কৃতিৰ ক্ষেত্রখনিলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে মাজুলীৰ শ্রীশ্রীনতুন কমলাবাৰী সত্রৰ বৈষ্ণৱ তথা বৰবায়ন হৰিচৰণ ভূঞা বৰবায়নলৈ ২০১৬ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা আগঢ়োৱা হৈছে। এই খবৰে সত্রপীঠ মাজুলীত আনন্দৰ বন্যা সৃষ্টি কৰিছে। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ উপৰিও সুদূৰ লণ্ডনটো সত্রীয়া নৃত্য, অংকীয়া ভাওনা আৰু খোল বাদনেৰে শ্রেষ্ঠত্ব প্রদৰ্শন কৰি অসমলৈ খ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বায়নে ডিব্রুগড় বিশ্ববিদ্যালয়টো নিমন্ত্রীত সন্মানীয় প্রবক্তা হিচাপে কাৰ্যনিবাহ কৰিবলৈ সুবিধা পায়। উল্লেখ্য যে, হৰিচৰণ ভূঞা বৰবায়নে শৈশৱতে সত্রলৈ আহি সত্রীয়া জীৱন-চৰ্যাক আকোঁৱালি লৈ সত্রীয়া তথা শংকৰী সংস্কৃতিৰ সেৱা কৰি সত্রীয়া নৃত্য, গীত, অভিনয়, সত্রীয়া অলংকাৰ আৰু মুখা শিল্পৰো গুৰি ধৰি আহিছে৷