নাজিৰা, ৩ জুলাইঃ নাজিৰাৰ বৰতল তিনিআলিৰ ধোদৰ আলিৰ পৰা কহুৱা, মাদুৰী, মেছাগড় পুখুৰী হৈ মেছাগড় বৰআলিত সংযোগ মাদুৰী পথটোৰ দুৰৱস্থাই সৰ্বসাধাৰণক জলা-কলা খুৱাইছে৷ পথটোৰ বিভিন্ন স্থানত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত সংশ্লিষ্ট গাঁও কেইখনৰ লগত যাতায়ত কৰোঁতে সৰ্বসাধাৰণ অসুবিধাৰ সন্মুখীন হৈছে৷ বিশেষকৈ অঞ্চল কেইটাৰ বৃদ্ধ, ৰোগী, গৰ্ভৱতীক চিকিৎসাৰ বাবে নিকটৱৰ্তী চিকিৎসালয়লৈ গাড়ীৰে অনা-নিয়া কৰিবলৈ বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ একেদৰে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সকলো শিক্ষানুষ্ঠানলৈ যাতায়ত কৰোঁতে সমস্যাৰ সন্মুখীন হয়৷ স্থানীয় বাসিন্দাই চৰকাৰ তথা প্ৰশাসনক পথটো শীঘ্ৰে পুনঃনিৰ্মাণৰ দাবী জনাইছে৷