বাঘবৰ, ৩ জুলাইঃ বৰপেটাৰ বাঘবৰ-বহৰি সংযোগী মাথাউৰিলৈ বহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে৷ বাঘবৰ, বৰপেটা আৰু চেঙা সমষ্টিৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বহু ঠাইত মথাউৰিটো ছিঙাৰ উপক্ৰম হৈছে। ইতিপূৰ্বে  ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰি বহু ঠাইত মথাউৰি ছিঙিছে৷ এই মথাউৰিসমূহ নতুনকৈ মেৰামতি কৰা হৈছে যদিও মথাউৰি সমূহৰ অৱস্থা বৰ্তমানো শোচনীয় আৰু জৰাজীৰ্ণ। আনহাতে মাথাউৰিৰ দুয়ো কাষে কেবাটাও সমষ্টিৰ গৰাখহনীয়াত সৰ্বহাৰা হোৱা হাজাৰ হাজাৰ পৰিয়ালে বসবাস কৰিছে। তাৎপৰ্য্যপূৰ্ণ যে, এই সমষ্টিসমূহত পৰ্যাপ্ত বাট-পথ নথকাত বাৰিষাৰ সময়তো চৰ-চাপৰিৰ শতাধিক গাঁৱৰ বাসিন্দাই নিতৌ ভগ্ন মাথাউৰিয়েদি বিপদসংকুল ভাৱে যাতায়ত কৰিছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চলিত ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যখনৰ মাথাউৰিসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো বৰপেটাৰ বাঘবৰ-বহৰি সংযোগী মাথাউৰিটোৰ পুনঃমেৰামতিৰ কাম কাৰ্যত নহ’ল বুলি স্থানীয় লোকে অভিযোগ কৰিছে। শীঘ্ৰে এই মাথাউৰিটো পুনঃমেৰামতিৰ লগতে কাষ চাপি অহা ব্ৰহ্মপুত্ৰ নদীক প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে, আগন্তুক বাবিষাৰ বানৰ সময়ত মথাউৰিটো ছিঙা পূৰ্ণ সম্ভাৱনা আছে বুলি স্থানীয় লোকে সন্দেহ ব্যক্ত কৰিছে৷