নাজিৰা, ২৭জুলাইঃ নাজিৰা আৰক্ষী থানাৰ অন্তৰ্গত  বামুণ পুখুৰী চাহ-বাগিছাৰ টেঙাহোলা বামুণ পুখুৰী ৬নং লাইনত আৱকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ চুলাই মদ জব্দ কৰে৷ এই অভিযানত আৱকাৰী বিভাগে এজন লোকক আটক কৰাৰ লগতে ৬টা গোচৰ ৰুজু কৰে৷ আৱকাৰী বিভাগে অভিযানত ৬২লিটাৰ অবৈধ চুলাই মদৰ লগতে ৭৪০লিটাৰ মদ তৈয়াৰ কৰা পাচ আৰু ৪টা চুলাই মদ বনোৱা যন্ত্ৰ জব্দ কৰে৷ আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আৱকাৰী বিভাগে নাজিৰাৰ বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে৷