ৰঙিয়া, ৭ জুলাইঃ ৰঙিয়াত বিকশিত অসমৰ নমুনা। কামৰূপ আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী ৰঙিয়াৰ পালবস্তিৰ ঘোগাজানৰ ওপৰৰ মাত্ৰ ৬০ মিটাৰ দৈৰ্ঘ্যৰ পকী দলঙৰ নিৰ্মাণৰ কাম।  দলংখনৰ নিৰ্মাণ কাম দীৰ্ঘদিন ধৰি সম্পূৰ্ণ নকৰাত স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিগত কংগ্ৰেছ চৰকাৰৰ দিনত অসম্পূৰ্ণ হৈ থকা এই দলংখন বৰ্তমানৰ পৰিবৰ্তনকামী চৰকাৰখনে সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদকাৰী সকলে ক্ষোভ উজাৰে। লগতে অৰ্ধ নিৰ্মিত দলংখনৰ কামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ তুলি প্ৰতিবাদী জনতাই দুৰ্নীতিৰ তদন্তৰ কৰাৰ লগতে অতি শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰি যাতায়ত সুচল কৰিবলৈ দাবী জনায়।  দলংখন নিৰ্মাণৰ বাবে চাৰিজন ঠিকাদাৰ সলনি হ’ল যদিও আজিকোপতি সম্পূৰ্ণ হোৱা নাই দলংখনৰ নিৰ্মাণৰ কাম। যাৰ কাৰণে প্ৰায় ১০ খন গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ জনতাই অতি বিপজ্জনকভাৱে বোকা-পানী গচকি জানটোৰে যাতায়ত কৰিব লাগীয়া হৈছে৷ আনহাতে পানী বাঢ়িলে প্ৰায় ১০ কিলোমিটাৰ দূৰেৰে যাতায়ত কৰিবলগীয়া হয়। স্থানীয় লোকে শীঘ্ৰে দলংখন সম্পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।