সোণতলি, ২৬ জুলাইঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত শিঙিমাৰী হাবি গাঁৱত স্বামীয়ে পত্নীক হত্যা কৰি নিজে আত্মহত্যা কৰা ঘটনাই  অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, ২৪ জুলাইৰ নিশা শিঙিমাৰী হাবি গাঁৱৰ আব্দুল মালেকে (৫৫) নিজ পত্নী বেলভানু বেগমক হত্যা কৰি পলায়ন কৰিছিল৷ মালেকৰ পুত্ৰ মহিদুল আলীয়ে মাতৃক হত্যা কৰাৰ অভিযোগত পিতৃৰ বিৰুদ্ধে গৰৈমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ গৰৈমাৰী আৰক্ষীয়ে হত্যাকাৰী মালেকক বিচাৰি অভিযান আৰম্ভ কৰাৰ পূৰ্বেই ২৫ জুলাইৰ নিশা মালেকে শিঙিমাৰী হাবি গাঁৱৰ পুখুৰীৰ পাৰত এজোপা প্ৰকাণ্ড গছত চিপ লৈ আত্মহত্যা কৰে৷ ৰাতিপুৱা স্থানীয় ৰাইজে গছত ওলমি থকা অৱস্থাত মালেকক প্ৰত্যক্ষ কৰি গৰৈমাৰী আৰক্ষীক অৱগত কৰে৷ গৰৈমাৰী আৰক্ষীয়ে আব্দুল মালেকৰ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে৷