কোকৰাঝাৰ, ১২ ডিচেম্বৰঃ সুৰক্ষা বাহিনী আৰু কোকৰাঝাৰ আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই মঙলবাৰে পুৱা প্ৰায় ৪ বজাত উগ্ৰপন্থী সংগঠন এনডিএফবি (সংবিজিত) গোটৰ দুজনকৈ সদস্যক অস্ত্ৰসহ আটক কৰে। আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা খবৰ পায় যে চেৰফাংগুৰিৰ ঝাৰবাৰী বনাঞ্চলত কেইজনমান দুৰ্ধর্ষ উগ্ৰপন্থী লুকাই আছে। প্ৰাপ্ত তথ্যৰ ওপৰত ভিত্তিত কৰি কোকৰাঝাৰ আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযান চলাই দুজনকৈ দুৰ্ধৰ্ষ উগ্ৰপন্থীক অস্ত্ৰসহ আটক কৰে। আটক হোৱা উগ্ৰপন্থী দুজন এনডিএফবি (সংবিজিত) গোটৰ সদস্য। ইয়াৰে বীৰদাও বসুমতাৰীৰ ঘৰ কোকৰাঝাৰৰ দোলহাপাৰা আৰু লাহিত নাৰ্জাৰীৰ ঘৰ কোকৰাঝাৰৰে কেওতালপাৰাত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটক কৰা উগ্ৰপন্থী দুজনৰ পৰা দুটা ৭.৫৫ এমএম পিষ্টলসহ বহু অস্ত্ৰশস্ত্ৰ উদ্ধাৰ কৰে।