গুৱাহাটী : ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়ন প্রক্রিয়াক এক নতুন গতি প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে জি এছ ৰােডৰ ছুপাৰ মার্কেটত নতুনকৈ নিৰ্মাণ কৰা দুইলেনযুক্ত উৰণীয়া সেঁতুখন আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ১২৭.২০ কোটি টকা ব্যয়ৰে নির্মাণ কৰা এই উৰণীয়া সেঁতুখন অভিলেখ সৃষ্টিৰে নিৰ্ধাৰিত ৩৬ মাহৰ পৰিৱর্তে ২২ মাহতে নির্মাণ কৰি উলিওৱা হৈছে। ১২০৫ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেঁতখনে ছুপাৰ মার্কেট অঞ্চলৰ যানজটৰ সমস্যা লাঘৱ কৰিবলৈ সক্ষম হােৱাৰ লগতে খানাপাৰাৰ পৰা গণেশগুৰি আৰু লাষ্টগেটৰ পৰা গণেশগুৰি দিশলৈ যাতায়াত ব্যৱস্থা মসৃণ কৰি তুলিব বুলি আশা কৰা হৈছে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজধানী চহৰখন সদায়ে সমগ্ৰ ৰাজ্যখনৰ গৌৰৱৰ প্রতীক হিচাপে চিহ্নিত হয়। ছুপাৰ মাৰ্কেটৰ এই উৰণীয়া সেঁতুখন নিৰ্ধাৰিত সময়তকৈ পূর্বেই নির্মাণ কৰি উলিওৱা কাৰ্যই সমগ্ৰ ৰাজ্যখনতে ঢৌবাই যােৱা উন্নয়নৰ ধাৰাকে প্রতিফলিত কৰে বুলি তেওঁ মন্তব্য কৰে। উত্তৰ পূবৰ লগতে আছিয়ান ৰাষ্ট্ৰসমূহৰাে প্ৰৱেশ পথ হিচাপে পৰিগণিত হােৱা গুৱাহাটী চহৰৰ আন্তঃগাঁথনি উন্নয়নে সমগ্ৰ ৰাজ্যখনৰ উন্নয়নক প্রতিনিধিত্ব কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লােক নির্মাণ বিভাগৰ অভিযন্ত্ৰসকলক অভিনন্দন জ্ঞাপন কৰে আৰু এই উৰণীয়া সেঁতুখন নিৰ্মাণৰ দিশত সৱল ভূমিকা পালন কৰা লােকনির্মাণ বিভাগৰ প্রাক্তন মুখ্য অভিযন্তা প্রয়াত দিলীপ দাসৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

ৰাজ্যখনৰ বিভিন্ন আন্তঃগাঁথনি প্রকল্পসমুহ আৰু সেইবােৰৰ ৰূপায়ণৰ স্তৰৰ এক অৱলােকন দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে অতিৰিক্ত ব্যয়ৰ বােজা লাঘৱ কৰা তথা ৰাজ্যবাসীক প্রকৃত উন্নয়নৰ সােৱাদ দিয়াৰ বাবে আন্তঃগাঁথনি প্রকল্পসমূহ নিৰ্ধাৰিত সময়ৰ পূর্বেই সম্পূর্ণ কৰি তােলাৰ ওপৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্রদান কৰিছে। গুৱাহাটী-উত্তৰ গুৱাহাটী সংযােগী ব্ৰহ্মপুত্ৰৰ ওপৰত নির্মিয়মান দলংখন ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত উদ্বোধন কৰাৰ লগতে চাংসাৰিত নির্মিয়মান এইমছখন চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে মুকলি কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। সেইদৰে চাৰাবভাটি আৰু মালিগাঁৱৰ নির্মিয়মান উৰণীয়া সেঁতু দুখনাে ২০২৩ চনৰ ভিতৰত সম্পূর্ণ কৰি তােলা হ’ব। তেওঁ লগতে জানিবলৈ দিয়ে যে ৰাধাগােবিন্দ বৰুৱা পথ আৰু গীতানগৰ তিনিআলিক সংযােগ কৰি ৰাজ্য চৰকাৰে আন এখন উৰণীয়া সেঁতু নির্মাণ কৰিব।

বশিষ্ঠ চাৰিআলি আৰু গড়চুকতাে আন দুখন উৰণীয়া সেঁতু নির্মাণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। সেইদৰে গুৱাহাটী ক্লাৱৰ পৰা বামুণীমৈদাম অঞ্চলক সংযােগ কৰি নিৰ্মাণ কৰিবলৈ লােৱা আন এখন উৰণীয়া সেঁতুৰ বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুতিৰ চুড়ান্ত পর্যায়ত আছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাইহাটা-ছিপাঝাৰ আৰু কুৰুৱা-নাংৰেগীক ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযােগ কৰি এটা ছয়লেনযুক্ত ৰিং ৰাড নির্মাণৰ কথাও চৰকাৰে পর্যালােচনা কৰি আছে। এই প্রকল্পৰ বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত কৰি থকা হৈছে আৰু এই কাম ‘ভাৰতমালা’ প্রকল্পৰৰ অধীনত হাতত লােৱা হ’ব। তেওঁ লগতে কয় যে বৰ্তমানৰ চৰকাৰৰ পৰৱর্তী ৫ বছৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ জনসাধাৰণৰ যাতায়াত দীর্ঘদিনীয়া সমস্যা দূৰ কৰাৰ পদক্ষেপৰ অংশ হিচাপে বৰ্তমানৰ শৰাইঘাট দলঙৰ উপৰি নাৰেংগী-কুৰুৱা, নির্মিয়মান গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু পলাশবাৰী-শুৱালকুছি সংযােগী আন তিনিখন দলং প্রস্তুত হৈ উঠিব।

এই প্রকল্পসমূহৰ উপৰিও গুৱাহাটীত খােৱাপানী যােগান প্রকল্প সম্পূর্ণ হৈ উঠাৰ পথত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হেঙেৰাবাৰী, ফাঁচিবজাৰ আৰু মালিগাঁও অঞ্চলত তিনিখন নতুন উদ্যান গঢ়ি তােলাৰ লগতে ব্রহ্মপুত্র নদীপাৰ সৌন্দর্যবর্ধন প্রকল্পৰ বাবেও চৰকাৰে নিষ্ঠাৰে কাম কৰি আছে। বর্তমানে অচল হৈ থকা চন্দ্ৰপুৰ তাপবিদ্যুৎ প্রকল্পৰ স্থানত সৰুসজাই ক্রীড়া প্রকল্পৰ আহিত এক সংহত ক্রীড়া চৌহদ গঢ়ি তােলা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। চৰকাৰী কাম-কাজৰ সুচলতাৰ স্বাৰ্থত চৰকাৰে বিভিন্ন প্রশাসনীয় কাম-কাজৰ লগতে ড্রাইভিং লাইচেন্স, ট্রেড লাইচেন্স, নিয়ােগ পঞ্জীয়ন, ভূমি সম্পর্কীয় সেৱা আদি ক্ষেত্রসমুহত ডিজিটাইজেশন ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ‘মিশ্যন সদ্ভাৱনা’ৰ অধীনত সচিবালয়ত ২০২১ চনৰ ১০ মে’ৰ পূৰ্বৰ পৰা নিষ্পত্তি নােহােৱাকৈ থকা ফাইলসমূহ নিষ্পত্তি কৰা হ’ব। তদুপৰি ‘মিশ্যন বসুন্ধৰা’ৰ অধীনত অহা বছৰৰ ১০ মে তাৰিখৰ ভিতৰত ভূমি সম্পর্কীয় বিষয়সমূহ নিষ্পত্তি কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।