আজিজ আলী
মুকালমুৱা : মুকালমুৱাত চাঞ্চল্য। এগৰাকী মহিলাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱাত মুকালমুৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। মূৰ আৰু কঁকালৰ তলৰ অংশ নাই মৃতদেহটোৰ। আৰক্ষীয়ে মৃতদেহটোৰ কঁকালৰ ওপৰৰ অংশ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। 

ৰাজ্যত এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে। হত্যা, ডকাইতি, ধর্ষণৰ দৰে ঘটনা প্ৰতিদিনে সংঘটিত হোৱা দেখিবলৈ পোৱা যায় ৰাজ্যত। কিছুদিন পুর্বে গুৱাহাটীৰ খানাপাৰা উৰণীয়া সেঁতুৰ কাষৰ নলাত উদ্ধাৰ হৈছিল এটা মৃতদেহৰ কঁকালৰ তলৰ অংশ। মৃতদেহটো মহিলাৰ বুলি আৰক্ষীয়ে নিশ্চিত হৈছিল যদিও কঁকালৰ ওপৰৰ অংশ উদ্ধাৰ নোহোৱাত মৃতদেহটো কাৰ চিনাক্ত হোৱা নাছিল।

বৃহস্পতিবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এগৰাকী অচিনাক্ত উৱলি যোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। মুকালমুৱা আৰক্ষী থানাৰ সন্মুখেৰে মুকালমুৱা সাপ্তাহিক বজাৰলৈ যোৱা পথৰ মাজভাগত উদ্ধাৰ হয় অচিনাক্ত মহিলাৰ মৃতদেহ। উৱলি যোৱা মৃতদেহটোৰ কাষত এটি মেক্সি পোৱা গৈছে। মৃতদেহটোৰ কঁকালৰ তলৰ অংশ নাই।

কঁকালৰ তলৰ অংশ নথকা মৃতদেহটোৰ মূৰটোও নাই বাবে মৃতদেহটো কৰা চিনাক্ত কৰিব পৰা হোৱা নাই। কম্বলত মেৰিয়াই বস্তাত ভৰাই থোৱা অবস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। দুৰ্বৃত্তই কোনোবা মহিলাক হত্যা কৰি টুকুৰা-টুকুৰ কৰি কাটি শৰীৰৰ অংশ এইদৰে পেলাই থৈ গৈছে।

মহিলা গৰাকীক মৃতদেহটোৰ কাষত সুৰাৰ বটলো উদ্ধাৰ হৈছে। সুৰা পান কৰি দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। খানাপাৰাত কিছুদিন পুর্বে কঁকালৰ তলৰ অংশ উদ্ধাৰ হোৱা মহিলা গৰাকীৰে কঁকালৰ ওপৰৰ অংশ মুকালমুৱাত উদ্ধাৰ হৈছে নেকি বুলি ৰাইজে চৰ্চা কৰাও পৰিলক্ষিত হৈছে। আৰক্ষীৰ তদন্তৰ পিছতে সকলো পোহৰলৈ আহিব।