কলগাছিয়া : কলগাছিয়াৰ আমগুৰিত বেকী নৈৰ ভয়াবহ গৰাখহনীয়া। বেকী নৈৰ ভয়াবহ গৰাখহনীয়াৰ কবলত পৰিছে পকী পথ। এফালৰ পৰা বেকী নৈয়ে খহাই নিছে পকী পথটো। চপৰা চপৰে গৰা খহি নৈৰ বুকুত জাহ গৈছে গুৰুত্বপূৰ্ণ পকী পথটো। বিছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা।

বৰপেটা জিলাৰ কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াই ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে কলগাছিয়াৰ বিভিন্ন প্ৰান্তত বেকী নৈৰ গৰাখহনীয়াই ফলত মাটি-ভেটি হেৰুৱাই কেইবাশতাধিক লোক গৃহহীন হৈ পৰিছে। গৃহহীন হৈ পৰা এই লোক সকলে নদীৰ মাথাউৰী, পথৰ কাষত অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰি অঘৰীৰ দৰে জীৱন যাপন কৰিবলৈ বাধ্য হৈছে।

বেকী নৈৰ গৰাখহনীয়াৰ ফলত ইতিমধ্যে বহু লোকৰ ঘৰ দুৱাৰৰ লগতে কেইবাটাও চৰকাৰী অনুষ্ঠানত-প্ৰতিষ্ঠান নৈৰ বুকুত জাহ গৈছে। এইবাৰ বেকী নৈৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে কলগাছিয়াৰ আমগুৰিৰ এটি পকী পথলৈ। পকী পথটো বেকী নৈৰ বুকুত জাহ যোৱাৰ যাতায়ত ব্যৱস্থা সম্পূৰ্ণ বিছিন্ন হৈ পৰিছে। ইমানৰ পিছতো গুৰুত্ব নাই জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিৰ।

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি গাঁৱত বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত বিগত পাঁচ মাহত প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বেকী নৈৰ বুকুত জাহ গৈছে। ইয়াৰ মাজতে বিগত এসপ্তাহ ধৰি কলগাছিয়াৰ পৰা আমগুৰি হৈ যোৱা বিকল্প ৰাজ্যিক ঘাইপথলৈ ভাবুকি কঢ়িয়াই আনিছে বেকী নৈৰ গৰাখহনীয়াই। ইতিমধ্যে পথটোত ৮০ শতাংশ নৈৰ বুকুত জাহ যোৱাত বিছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা।

প্ৰশাসনে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে গছ-গছনি, বাহ আদিৰে বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই। গৰাখহনীয়াৰ কবলত পৰা ৰাইজে এতিয়া একমাত্ৰ ভৰসা চৰকাৰ। অতি শীঘ্ৰে জিঅ’ বেগেৰে বিজ্ঞানসন্মতভাৱে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ভূক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে ভূক্তভোগী ৰাইজে।