বঙাইগাঁও, ১ আগষ্ট, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ এইবাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পৰিবহণ বিভাগৰ বিষয়া (Government Employee Attested)। ৫ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে বঙাইগাঁও পৰিবহণ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বঙাইগাঁও পৰিবহণ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বঙাইগাঁও পৰিবহণ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক গৰাকী। ৫ হাজাৰ টকা উৎকোচ লৈ থাকোতে ধৰা পৰে বঙাইগাঁও পৰিবহণ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সুভাষ দৈমাৰী। এজন লোকৰ পৰা বঙাইগাঁও পৰিবহণ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সুভাষ দৈমাৰীয়ে ৬ হাজাৰ টকাৰ উৎকোচ দাবী কৰিছিল। পৰৱৰ্তী সময়ত এই উৎকোচৰ ধন ৫ হাজাৰলৈ হ্ৰাস কৰে বঙাইগাঁও পৰিবহণ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক গৰাকীয়ে।

সুভাষ দৈমাৰীয়ে উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই ৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত বঙাইগাঁও পৰিবহণ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সুভাষ দৈমাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে বঙাইগাঁও পৰিবহণ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সুভাষ দৈমাৰীৰ কবলৰ পৰা উৎকোচৰ ৫ হাজাৰ টকাৰ লগত অতিৰিক্ত ২৬ হাজাৰ ৫০০ টকা উদ্ধাৰ কৰি জব্দ কৰে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে বঙাইগাঁও পৰিবহণ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সুভাষ দৈমাৰীক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৫৬/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।