মৰাণ : মৰাণত সংঘটিত হৈছে এক কৰুণ ঘটনা। মৰাণত জীৱন্তে অগ্নিদগ্ধ হৈ তিনি শিশুৰ মৃত্যু। পথাৰৰ টঙীঘৰত খেলি থকা অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যু হয় শিশু তিনিটিৰ। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চটোত শোকৰ ছাঁ পেলাইছে।

মৰাণত এক শোকাবহ ঘটনা সংঘটিত হৈছে। মৰাণৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত ডোমৰ দলং চাহ বাগিচা বৰুৱাহোলা শাখাৰ ১২ নম্বৰ লাইনত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ তিনিটিকৈ শিশুৰ কৰুণ মৃত্যু ঘটিছে।

অগ্নিদগ্ধ হৈ মৃত্যু হোৱা শিশু তিনিটি ৫ বছৰীয়া অনুদ মুণ্ডা, ৩ বছৰীয়া কহিনুৰ কৰুৱা আৰু ২ বছৰীয়া অনুদ মুণ্ডা বুলি জানিব পৰা গৈছে। পথাৰৰ টঙীঘৰত শিশু তিনিটি খেলি থকা অৱস্থাত হঠাৎ সংঘটিত হোৱা অগ্নিকাণ্ডত শিশু তিনিটি অগ্নিদগ্ধ হয়।

এই শোকাবহ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশু তিনিটি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অগ্নিকাণ্ডৰ কাণৰ জানিব পৰা হোৱা নাই। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।