আমিনুৰ ৰহমানৰ সহযোগত প্ৰীতি পাৰীক
শিৱসাগৰ : ঐতিহাসিক শিৱ দৌল, ৰংঘৰ আৰু তলাতল ঘৰৰ বাকৰিত উদুলি মুদুলি পৰিৱেশ। প্ৰাচীন কৃতিচিহ্নৰ বুকুত শিৱসাগৰবাসীয়ে পালন কৰিলে নৱবৰ্ষ। নৱবৰ্ষৰ প্ৰথম দিনটো শিৱসাগৰবাসী ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ সৈতে উদযাপন কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপক বিশেষভাৱে আদৰণি ৰাইজৰ। 

দৈনন্দিন কৰ্মব্যস্ততা তথা হতাশা হুমুনিয়াহক একাষৰীয়া কৰি শিৱসাগৰত বৃহৎ সংখ্যক ৰাইজে পৰিয়াল আৰু আপোনজনৰ সৈতে ইংৰাজী নৱবৰ্ষৰ দিনটো পালন কৰিলে। শিৱসাগৰ নগৰৰ ঐতিহাসিক শিৱ দৌল, ইতিহাস প্ৰসিদ্ধ ৰংঘৰ বাকৰি, তলাতল ঘৰৰ প্ৰাঙ্গন আদিৰ লগতে দিচাংমুখ, দিখৌমুখৰ বিভিন্ন বনভোজস্থলী সমূহত ব্যাপক জন সমাগম ঘটা দেখিবলৈ পোৱা যায়।

একাংশ লোকে পৰিয়ালৰ সৈতে এসাজ তৃপ্তিৰে খাই আনন্দ উছাহ প্ৰদৰ্শন কৰাৰ বিপৰীতে আন একাংশই পৌৰাণিক কৃতিচিহ্ন, বনভোজস্থলী সমূহ ভ্ৰমণ কৰি অনাবিল আনন্দত ডুব যোৱা পৰিলক্ষিত হয়। পুৱাৰ ভাগত যথেষ্ট সংখ্যক লোকে ঐতিহাসিক শিৱ দৌল, দেৱী দৌল, বিষ্ণু দৌল, মন্দিৰ, মছজিদ, গীৰ্জালৈ গৈ নেদেখা জনৰ সমুখত মূৰ দোৱাই নতুন বছৰ ভালে কুশলে যোৱাৰ বাবে প্ৰাৰ্থনা কৰা দেখা যায়।

নতুন বছৰক আদৰি লোৱা প্ৰতিজন ব্যক্তিয়ে নতুন বছৰ সুখ, শান্তি আৰু আনন্দৰে ভৰি পৰাৰ কামনা কৰে। বিগত দুবছৰ ধৰি সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ তাণ্ডৱ যাতে এই নতুন বৰ্ষত সমাপ্তি ঘটে ইয়াৰে কামনা কৰে ৰাইজে। ইয়াৰ লগতে পথ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক শিৱসাগৰবাসীয়ে আদৰণি জনায়।