জোনমণি বেগম
বিশ্বনাথ : নৱবৰ্ষৰ প্ৰথম দিনা চাইকেল লৈ ওলাই গ’ল বিশ্বনাথৰ তিনিজন যুৱক। নতুন বছৰত নতুন পৰিকল্পনা লৈ চাইকেলৰে বিশ্বনাথৰ পৰা সমগ্ৰ ভাৰত ভ্ৰমণলৈ ৰাওনা তিনিজন যুবকৰ।দেশবাসীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্বনাথৰ যুৱক তিনিজনৰ এইদৰে চাইকেল লৈ ওলাই গ’ল।

দেশবাসীৰ জীৱন ৰক্ষাৰ এক মহৎ উদ্দেশ্যেৰে বিশ্বনাথৰ যুৱক তিনিজন নৱবৰ্ষৰ প্ৰথমটো দিনাই চাইকেল লৈ ওলাই গ’ল সমগ্ৰ দেশ ভ্ৰমণৰ বাবে। পথ সুৰক্ষাকলৈ দেশবাসীৰ মাজত সজাগতা সৃষ্টি কৰি পথ দুর্ঘটনা ৰোগ কৰি মানুহৰ জীৱন ৰক্ষা কৰা বিশ্বনাথৰ যুৱক তিনিজনৰ মূল লক্ষ্য।

পথ দুৰ্ঘটনাত যাতে কোনো লোকৰ মৃত্যু নহয় সেইহে যুৱক তিনিজনে শ্লোও ড্ৰাইভ, লংগ লাইফ’ শ্ল’গান লৈ বিশ্বনাথৰ পৰা চাইকেল চলাই সমগ্ৰ দেশ ভ্ৰমণ কৰিব। নৱবৰ্ষৰ প্ৰথম দিনাই বিশ্বনাথৰ পৰা যুৱক তিনিজনে চাইকেল লৈ যাত্ৰা কৰি সজাগতা আৰম্ভ কৰিছে। দেশৰ ভ্ৰমণলৈ চাইকেল লৈ যাত্ৰা আৰম্ভ কৰা ৰুবুমণি কোঁচ, নমিন বৰ্মন আৰু সিমান্ত কুমাৰ বৰুৱা নামৰ যুৱক তিনিজনক সম্বৰ্ধনা জনায় স্থানীয় দল-সংগঠনে।

যুৱক তিনিজনে নতুন বছৰত হাতত লোৱা এই নতুন পৰিকল্পনাক উৎসাহ দিবলৈ যুৱক তিনিজনক যাত্ৰাৰ পূৰ্বে বিশ্বনাথ আছু আৰু বিশ্বনাথ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সম্বৰ্ধনা জনাই এই যাত্ৰা সফল হোৱাৰ কামনা কৰে। পথ সুৰক্ষাৰ বাবে সজগতা সৃষ্টিৰ উদ্দেশ্যে যুৱক তিনিজনে আৰম্ভ কৰা এই যাত্ৰাক বিশ্বনাথবাসী ৰাইজেও শলাগ লয়।