টাই আহোম ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

সোণাৰিৰপৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৬ মেঃ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত শনিবাৰে অসম আৰু অসমীয়াৰ অস্তিত্বৰ ভাবুকিস্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী, চৰাইদেউ মৈদাম বেদখল মুক্ত কৰা, চ্যু-কা-ফা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা আৰু পেট্ৰ’ল, ডিজেলৰ …

দক্ষিণগাঁৱৰ টিএবি মেমৰিয়ল জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম

গুৱাহাটীৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৫ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাহিলিপাৰাৰ দক্ষিণগাঁওস্থিত টিএবি মেমৰিয়ল জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে সফলতাৰে উত্তীৰ্ণ হোৱাত বিদ্যালয়খনত এক উৎসৱমুখ পৰিবেশ দেখিবলৈ পোৱা যায়। বিদ্যালয়খনৰ ২৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ১১ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম …

দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰি উজলি উঠিল নলবাৰী

নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২৫ মেঃ নলবাৰী জিলাৰ টিহু হাইস্কুলৰ ছাত্র প্ৰীতপল বেজবৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি নলবাৰী লৈ গৌৰৱ কঠিয়াই আনিছে। টিহুৰ ভৱানী বেজবৰুৱাৰ পুত্ৰ প্ৰীতপল বেজবৰুৱা সৰুৰে পৰা অতি মেধাৱী ছাত্রজনক …

প্ৰতিবন্ধকতা আৰু দৰিদ্ৰতাক অতিক্ৰমি প্ৰথম বিভাগত উত্তীৰ্ণ হোজাইৰ জেবিন কৌচৰ

হোজাই, সংবাদ ৩৬৫, ২৫ মেঃ হোজাই জিলাৰ মোৰাঝাৰৰ জেবিন কৌচৰ এগৰাকী বিশেষ ভাৱে সক্ষম আৰু এজন সাধাৰণ গাড়ী চালকৰ কন্যা। শুক্ৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে জেবিন কৌচৰ৷ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা জেবিন কৌচৰ সাধাৰণ পৰীক্ষাৰ্থী নাছিল, …

নাহিদ আফ্ৰিনে ৫৪৯ নম্বৰ লাভ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মেঃ শুক্ৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’ল গায়িকা নাহিদ আফ্ৰিন। আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ ৫৪৯ নম্বৰ লাভ কৰিছে নাহিদে আফ্ৰিন। অসমীয়া সংগীত জগতৰ উদীয়মান তাৰকা গৰাকীয়ে সংগীত জগতৰ ব্যস্ততাৰ মাজতো এই সফলতা লাভ …

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ আৰু সপ্তম স্থান দখল কৰি ভাস্বতী কলিতা আৰু গৰিয়সী দেৱীয়ে বঙাইগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২৫ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বঙাইগাঁও জিলাৰ চেইন্ট এলবাৰ্ট স্কুলৰ ছাত্ৰী ভাস্বতী কলিতাই সৰ্বমুঠ ৫৮৮ নম্বৰসহ ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ৰে’ল বিভাগৰ কৰ্মচাৰী মনেশ্বৰ কলিতা আৰু আৰতি কলিতাৰ কন্যা ভাস্বতিয়ে দৈনিক দহৰ …

শোণিতপুৰৰ ৰক্তিম ভূঞাই লাভ কৰিলে প্ৰথম স্থান

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৮ৰ ফলাফল শুক্ৰবাৰে ঘোষণা কৰা হয়। এইবাৰ অসমৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে শোণিতপুৰ জিলাৰ মুনলাইট হাইস্কুলৰ ছাত্ৰ ৰক্তিম ভূঞাই। ৰোক্তিমে সৰ্বমুঠ ৫৯৩ নম্বৰ লাভ কৰি শীৰ্ষ স্থান দখল কৰিবলৈ …

মদৰ ব্যৱসায় ত্যাগ কৰি বিকল্পৰ সন্ধানত নাজিৰাৰ তিনি যুৱক

শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২৪ মেঃ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত হুলাল কলিতাগাঁৱৰ তিনিজন মদৰ বেপাৰীয়ে স্বইচ্ছাই ত্যাগ কৰিলে অবৈধ মদৰ ব্যৱসায়। ব্যক্তি তিনিজন মদৰ ব্যৱসায় ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই অবৈধ ব্যৱসায় নকৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিলে হুলাল কলিতাগাঁৱৰ গাঁওবুঢ়া নীলমণি গগৈৰ …

পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ

মঙলদৈ, সংবাদ ৩৬৫, ২৪ মেঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে মঙলদৈত পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত ভয়াবহ ৰূপ ধাৰণ কৰাত সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈৰ শ্বহীদ …

ধুবুৰীত মহিলাক অশ্লীল প্ৰস্তাৱ দি গ্ৰেপ্তাৰ হল এনআৰচিৰ বিষয়া

ধুবুৰী, সংবাদ ৩৬৫, ২৪ মেঃ এনআৰচিৰ নথিপত্ৰ পৰীক্ষণৰ পূৰ্ণ গতিত চলি থকাৰ সময়ত ধুবুৰী জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাসিন্দা আকবৰ আলীৰ পুত্ৰ মফিদুল ইছলাম তথা চাপগড় হাইস্কুলৰ সহকাৰী শিক্ষক বৰ্তমান গৌৰীপুৰ পাব্লিক লাইব্ৰেৰীৰ এখন এনএছকে …