সোণাৰিৰপৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৬ মেঃ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত শনিবাৰে অসম আৰু অসমীয়াৰ অস্তিত্বৰ ভাবুকিস্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী, চৰাইদেউ মৈদাম বেদখল মুক্ত কৰা, চ্যু-কা-ফা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা আৰু পেট্ৰ’ল, ডিজেলৰ মূল্য ৰোধ কৰাৰ দাবীত ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলাৰ সভাপতি দিগন্ত চাংমাই, কাৰ্যকৰী সভাপতি বিজয় গগৈকে প্ৰমুখ্যে কৰি যুটীয়া সম্পাদক গণেশ বৰগোঁ‌হাইৰ লগতে ভালেসংখ্যক আটাছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ।