গুৱাহাটী, ৪ ছেপ্টেম্বৰ, ২০২৩ : যাত্ৰীসকলৰ সুবিধাৰ্থে, ৪ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উভয় দিশত ৰঙিয়ালৈকে (Rangia) ত্ৰি-সাপ্তাহিক ৰে’ল নং ১৫৬১২-১৫৬১১ (শিলচৰ-গুৱাহাটী-শিলচৰ) এক্সপ্ৰেছ ৰে’লখনৰ সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, লোকসভাৰ সাংসদ দিলীপ শইকীয়া আৰু ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই ৰঙিয়া ৰে’ল ষ্টেচনৰ পৰা ৰে’লখনৰ শুভাৰম্ভ কৰে।

উক্ত অনুষ্ঠানটোত মুখ্য কাৰ্যালয় আৰু মণ্ডলসমূহৰ জ্যেষ্ঠ ৰে’ল বিষয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এই সম্প্ৰসাৰণে কাছাৰ জিলাৰ পৰা নামনি অসমলৈ বিভিন্ন কামৰ বাবে সঘনাই ভ্ৰমণ কৰা যাত্ৰীসকলৰ উদ্দেশ্য পূৰণ কৰিব। কাছাৰ অঞ্চলৰ লোকসকলে ৰঙিয়া জংচন হৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ যাত্ৰা কৰাৰ সুবিধাও লাভ কৰিব কিয়নো ৰঙিয়া জংচনে ৰে’ল যাত্ৰীসকলৰ বাবে এক মুখ্য বিনিময় কেন্দ্ৰ হিচাপে কাম কৰে।

সেই অনুসৰি ৪ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৬১১ (ৰঙিয়া-শিলচৰ) এক্সপ্ৰেছ ৰে’লখন প্ৰতি সোমবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে ১৫.৪৫ বজাত ৰঙিয়াৰ পৰা প্ৰস্থান কৰি ০৪.৪০ বজাত শিলচৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৬ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৬১২ (শিলচৰ-ৰঙিয়া) এক্সপ্ৰেছ ৰে’লখন প্ৰতি বুধবাৰ, শুকুৰবাৰ আৰু দেওবাৰে ২২.১৫ বজাত শিলচৰৰ পৰা প্ৰস্থান কৰি ১০.৩০ বজাত ৰঙিয়াত গৈ উপস্থিত হ’ব।

উভয় দিশৰ যাত্ৰা পথত, ৰে’লখন চাংসাৰী, কামাখ্যা, গুৱাহাটী, চাপৰমুখ জংচন, হোজাই, লামডিং জংচন, নিউ হাফলং, বদৰপুৰ জংচন আৰু কাটাখাল ষ্টেচন হৈ চলাচল কৰিব। ১৪ টা ডবাৰে গঠিত ৰে’লখনত যাত্ৰীসকলৰ সুবিধাৰ্থে এচি ২-টায়াৰ, এচি ৩-টায়াৰ, শ্লীপাৰ শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছিটিং ডবা থাকিব। এই ৰে’লখনৰ ষ্টপেজ আৰু সময়ৰ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন বাতৰি কাকত আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।