মানকাচৰ, ৪ ছেপ্টেম্বৰ, ২০২৩ : নদীত গা ধুবলৈ গৈ বেটেলিয়ান জোৱানৰ (Batelian Jawan) সলিল সমাধি। জিঞ্জিৰাম নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন বেটেলিয়ান জোৱানৰ। মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী ঝাউডাঙাত জিঞ্জিৰাম নদীত গা ধুবলৈ গৈছিল বেটেলিয়ান জোৱানজন। মানকাচৰ আৰক্ষী মহলত গভীৰ শোকৰ ছাঁ পৰিছে।

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হৈছে এক শোকাবহ ঘটনা। ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ঝাউডাঙাত জিঞ্জিৰাম নদীত গা ধুবলৈ গৈ এজন বেটেলিয়ান জোৱানৰ সলিল সমাধি ঘটাত অঞ্চলবাসী ৰাইজৰ লগতে আৰক্ষী মহলত শোকৰ ছাঁ বিৰাজ কৰিছে। উল্লেখ্য যে অসম আৰক্ষীৰ ২৬ নং বেটেলিয়ান জোৱান বাবুলাল হাছদা দেওবাৰে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী জিঞ্জিৰাম নদীত গা ধুবলৈ গৈ নদীৰ বুকুত নিখোজ হৈ পৰিছিল।

বেটেলিয়ান জোৱান বাবুলাল হাছদাৰ বিচাৰি উদ্ধাৰ অভিযান চলোৱা হৈছিল যদিও দেওবাৰে উদ্ধাৰ কৰিব পৰা হোৱা নাছিল। অৱশেষত সোমবাৰে পুৱা প্ৰায় ১০ বজাত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই নদীত পৰা বেটেলিয়ান জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে মানকাচৰ থানাত জোৱানজনৰ মৃতদেহ আনি জিলা আৰক্ষীয়ে বিভাগীত নীতি নিয়ম অনুসৰি সন্মান আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় বেটেলিয়ান জোৱানজনৰ মৃতদেহ।

ধুবুৰীত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত বেটেলিয়ান জোৱানজনৰ মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিয়া হ’ব বুলি মানকাচৰ আৰক্ষীয়ে জানিবলৈ দিয়ে। বেটেলিয়ান জোৱানজনৰ ঘৰ কোকৰাঝাৰ জিলাৰ ছালাকাটীত বুলি জানিব পৰা গৈছে। আৰক্ষী সুত্ৰে জানিব পৰা মতে বেটেলিয়ান জোৱানজন অতিমাত্ৰা মদ্যপান কৰাৰ বাবে যোৱা প্ৰায় এমাহ পূৰ্বে জোৱানজনসহ ৬ জনক কোকৰাঝাৰ জিলাৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলালৈ বদলি কৰা হৈছিল। দেওবাৰেও জোৱানজন জিঞ্জিৰাম নদীত অতিমাত্ৰা মদ পান কৰি গা ধুবলৈ গৈছিল।