কলগাছিয়া ২৪ ছেপ্টেম্বৰঃ অসমৰ তিনিজনকৈ সংখ্যালঘু বিধায়কক  ফেচবুকত পিষ্টলেৰে গুলীয়াই হত্যাৰ ভাবুকি প্ৰদান কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে নিলোৎপল বৰুৱা নামৰ এগৰাকী গল্পকাৰে। বৰুৱাই কেৱল হত্যাৰ ভাবুকিয়েই দি ক্ষান্ত নাথাকি বিধায়ক তিনিজনক বাংলাদেশী বুলিও অভিহিত কৰে। বিধায়ক তিনিগৰাকী ক্ৰমে আব্দুল খালেক, শ্বেৰমান আলী আহমেদ আৰু আমিনুল ইছলাম। নিলোৎপল বৰুৱাই বিধায়ক আব্দুল খালেকক হত্যাৰ ভাবুকি দিয়াত জাঙুৰ খাই উঠিছে জনীয়া সমষ্টিৰ ৰাইজ। ইয়াৰ বিৰুদ্ধে ৰূপসী ব্লক কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰূপসী ব্লক কংগ্ৰেছে কলগাছিয়া চকত নিলোৎপল বৰুৱাৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে। লগতে নিলোৎপল বৰুৱাৰ সন্দৰ্ভত কলগাছিয়া থানাত এক গোচৰো ৰুজু কৰে। ৰূপসী ব্লক কংগ্ৰেছে নিলোৎপল বৰুৱাক অনতিপলমে আটক কৰাৰ লগতে বিধায়ক আব্দুল খালেকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে।