কলগাছিয়া ২৪ ছেপ্টেম্বৰঃ কলগাছিয়াৰ পৰা গোৱালপাৰালৈ নিজৰ এএছ০১ এমএ০৬৪ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ী ভাড়াত লৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা গাড়ী চালক ৰফিকুল ইছলাম ওৰফে ৰাইজুদ্দিনক বৰপেটা আৰু গোৱালপাৰা আৰক্ষীয়ে যৌথ অভিযান চলাই উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে, অপহৰণ কৰাৰ পিছত অপহৰণকাৰীয়ে ৰফিকুল ইছলামৰ ঘৰত ফোন কৰি ১কোটি টকা মুক্তিপণ দাবী কৰিছিল। উক্ত ফোন নম্বৰৰ সহায় লৈ কালি পুৱা ৩ বজাৰ  বৰপেটা আৰু গোৱালপাৰা আৰক্ষীয়ে যৌথ অভিযান চলাই মেঘালয়ৰ মেন্দিপথাৰ থানাৰ ডায়নাডুবিৰ পৰা ৰফিকুলৰ গাড়ী উদ্ধাৰ কৰাৰ লগতে এজনক আটক কৰে। তাৰ পিছতেই  গোৱালপাৰাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত খেৰুপাৰাৰ জংঘলৰ পৰা ৰফিকুলক উদ্ধাৰ কৰে। উল্লেখ্য যে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমতলাৰ ৰফিকুল ইছলামে ১৮ ছেপ্টেম্বৰৰ বিয়লি কলগাছিয়াৰ দেওকুৰাৰ পৰা নিজৰ চুইফট্ ডিজায়াৰ গাড়ীত দুজন অজ্ঞাত ভাৰাতীয়া লৈ গোৱালপাৰাৰ কোনো ভিতৰুৱা অঞ্চলত যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল৷