আব্দুল হক

নগৰবেৰা : এফালে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ঘৰতে থাকিবলৈ বাধ্য হৈছে ৰাইজ, আনফালে উৎকট গৰমৰ বাবে ঘৰত থকা একেবাৰে অসম্ভৱ হৈ পৰিছে এখন গাঁৱৰ ৰাইজে বাবে। কাৰণ ক’ভিডসৃষ্ট এই পৰিস্থিতি আৰু উৎকট গৰমৰ পিছতো বিজুলী ফেন নুঘূৰে এখন গাঁৱত, আনকি নিশাৰ ভাগটো গাঁওখন ডুব গৈ থাকে অন্ধকাৰত।

বকো বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ দক্ষিণ বৰপেটা জিলাৰ কাশিমপুৰ গাঁৱত বিগত ২০ দিন ধৰি নাই বিদ্যুৎ সেৱা৷ ফলত উৎকট গৰমত আন্ধাৰত জীৱন কটাইছে কাশিমপুৰৰ গাঁওবাসী৷ গাঁওখনৰ ৮০ শতাংশ পৰিয়ালে বিদ্যুৎ মাচুল আদায় দিয়া স্বত্তেও ট্ৰেন্সফৰ্মাৰৰ পৰা গাঁওখন বিদ্যুৎ সেৱা কৰ্তন কৰিলে বিদ্যুৎ বিভাগে।

মাত্ৰ কেইটামান পৰিয়ালে বিদ্যুৎ মাচুল আদায় নিদিয়াৰ বাবে সমগ্ৰ গাঁওখনৰে বিদ্যুৎ সেৱা কৰ্তন কৰি গাঁওবাসীক গেলা গৰম আৰু অন্ধকাৰত থাকিবলৈ বাধ্য কৰিছে বিদ্যুৎ বিভাগে। ইফালে বকো বিদ্যুৎ বিভাগৰ আন এক আজৱ কাণ্ডই চকু কপালত তুলিছে৷ উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাৰখন স্থাপন কৰিছে ব্যস্ত পকীপথৰ সমীপত৷ যত নাই কোনো বেৰ, নাই কোনো সুৰক্ষাৰ ব্যৱস্থা। যিকোনো মুহুৰ্ততে অঘটন সংঘটিত হব পাৰে এই ট্ৰেন্সফৰ্মাৰখনৰ বাবে।

ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগৰ মন্ত্ৰীক গাঁওবাসীয়ে বিদ্যুৎ সংযোগ দি পোহৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে ট্ৰেন্সফৰ্মাৰৰ চাৰিওফালে বেৰা দি ৰাইজৰ জীৱনৰ নিৰাপত্তা দিবলৈও বিদ্যুৎ বিভাগক দাবী জনাইছে৷ এতিয়া প্ৰশ্ন হয় বিদ্যুৎ মন্ত্ৰী গৰাকীয়ে শুনিবনে গাঁওবাসীৰ আৰ্তনাথ, গাঁওবাসীয়ে পাৱনে বিদ্যুৎ সেৱা ? অপেক্ষাত বিদ্যুৎ বঞ্চিত পৰিয়াল গাঁওবাসী।