গুৱাহাটী : অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষী তথা মিজো দুৰ্বৃত্তৰ গুলীত অসম আৰক্ষীৰ ছজনকৈ জোৱান ছহিদ হোৱাৰ উপৰি অৰ্ধ শতাধিক জোৱান আহত হ’বলগীয়া হোৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাজ্যসভাৰ সাংসদ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সাংসদ ৰিপুন বৰাই কয় “সীমা সমস্যা সমাধানত অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ বাবেই আজি এইদৰে অসম আৰক্ষীৰ ছজনকৈ সাহসী জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হ’ল।

বিগত কিছুদিন ধৰি মিজো আৰক্ষী তথা মিজো দুৰ্বৃত্তই অহৰহ অসমৰ মাটিত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ জ্বলাই দিয়া, স্থানীয় লোক তথা আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাকে ধৰি নানা ধৰণৰ অত্যাচাৰ চলাই থকাৰ পিছতো ৰহস্যজনকভাৱে অসম চৰকাৰে নমনীয় ভূমিকা পালন কৰাৰ কুফল আজি এইদৰে ভূগিবলগীয়া হ’ল বুলিও কয় ৰিপুন বৰাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকী “নেডা”ৰো আহ্বায়ক। উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ সীমা সমস্যা সমাধান কৰিব বুলি “নেডা”ই প্ৰস্তাৱ লৈ থোৱাৰ পিছতো স্বয়ং আহ্বায় গৰাকী মুখ্যমন্ত্ৰী হৈ থকা অসমত কিয় এইদৰে ছজনকৈ আৰক্ষী জোৱান ছহিদ হ’বলগীয়া হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে ৰিপুন বৰাই।

দাতিকাষৰীয়া ৰাজ্যৰ আক্ৰমণৰ পৰা যদি নিজৰ ৰাজ্যৰ মাটিখিনিকে সুৰক্ষা দিব নোৱাৰে, নিজৰ মানুহখিনিকে সুৰক্ষা দিব নোৱাৰে, তেনেহ’লে “নেডা”ৰ আহ্বায়কৰ কাম কি? দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাৰ আৰু মেঘালয়ত উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ এদিন পিছতে এই ঘটনা কেনেকৈ হ’বলৈ পালে বুলিও প্ৰশ্ন কৰে ৰিপুন বৰাই। প্ৰকৃততে অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী দুগৰাকীক স্পষ্ট নিৰ্দেশনা দিয়াত দেশৰ গৃহমন্ত্ৰীগৰাকী ব্যৰ্থ হোৱাৰ ফলতে আজিৰ এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি কয় ৰিপুন বৰাই। উত্তৰ-পূৱৰ সীমা সমস্যা সমাধানৰ বাবে বিজেপি চৰকাৰৰ যে কোনো সদিচ্ছা নাই, অথবা বিষয়টোত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কোনো নিয়ন্ত্ৰণ নাই, আজিৰ ঘটনাই সেই কথাৰে প্ৰমাণ দিছে বুলিও কয় ৰিপুন বৰাই।

সাংসদ ৰিপুণ বৰাই বীৰ জোৱান কেইগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে আৰু ছহিদকেইগৰাকীৰ শোকসন্তপ্ত পৰিয়ালকেইটিক গভীৰ সমবেদনা জ্ঞাপন কৰিছে। লগতে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা আৰু ছহিদ কেইগৰাকীৰ পৰিয়ালৰ লগতে আঘাত প্ৰাপ্ত জোৱানসকলক উপযুক্ত ক্ষতিপূৰণ দিয়া তথা আঘাতপ্ৰাপ্তসকলক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী তুলিছে। আহত জোৱানসকলৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনাইছে সাংসদ ৰিপুণ বৰাই।