শিলচৰ : অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা প্ৰতি গৰাকী আৰক্ষী জোৱানৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰ্থিক সাহায্য ঘোষণা। মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা প্ৰতি গৰাকী আৰক্ষীৰ পৰিয়ালক ৫০ লাখ টকা আৰ্থিক সাহায্য প্রদান কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰতিজন শ্বহীদ পৰিয়ালৰ এজন লোকক চৰকাৰী চাকৰিৰ লগতে আহত হোৱা আৰক্ষী জোৱানক ১ লাখ টকাৰ সাহায্য দিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

মঙলবাৰে শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা আৰক্ষী জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ গুলীত শ্বহীদ হোৱা প্ৰতিজন আৰক্ষী জোৱানৰ পৰিয়ালক ৫০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে শ্বহীদ আৰক্ষী সকলৰ পৰিয়ালৰ এজন লোকক চৰকাৰী চাকৰি দিয়াৰ কথাও ঘোষণা কৰে। আনহাতে আহত আৰক্ষী জোৱান সকলক ১ লাখ টকাৰ সাহায্য দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণত আহত হোৱা ৪২ জনকৈ আৰক্ষীৰ জোৱানক ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে অসম-মিজোৰাম সীমান্তত বৰ্তমান কৰ্মৰত হৈ থকা আৰক্ষী জোৱান সকলক এমাহৰ অতিৰিক্ত দিয়া হ’ব বুলিও ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে অসম-মিজোৰাম সীমান্তৰ সুৰক্ষাৰ বাবে তিনিটা কামাণ্ডো বেটেলিয়ান নিযুক্তিৰ বাবেও সিদ্ধান্তৰ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে সোমবাৰে কাছাৰ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে গুলী চালনা কৰে। এই আক্ৰমণত অসম আৰক্ষীৰ ৬ জনকৈ জোৱান শ্বহীদ হোৱাৰ লগতে এজন স্থানীয় লোক নিহত হয়।বিগত কিছুমাহ ধৰি সীমা বিবাদক কেন্দ্ৰ কৰি অসম-মিজোৰাম সীমান্তৰ অঞ্চল উত্তপ্ত হৈ আছিল। সোমবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত হঠাতে আক্ৰমণ চলায়।