নিউজ ডেস্ক, ২১ মাৰ্চ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তা (Electrical Engineer) (পিচিইই)য়ে ঢেকিয়াজুলি ৰোড-নৰ্থ লখিমপুৰ, ৰঙাপাৰা নৰ্থ-ডেকাৰগাঁও, বালিপাৰা-ভালুকপুং আৰু হাৰমতী-নাহৰলগুনকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত ১৭ ৰ পৰা ১৯ মাৰ্চ লৈ এক বিস্তৃত বিধিসন্মত পৰিদৰ্শন সম্পাদন কৰে। এই পৰিদৰ্শনে মুঠ ২৬৪.৩৫ ৰুট কিলোমিটাৰ (আৰকেএম) আৰু ৩৩৮.৩ ট্ৰেক কিলোমিটাৰ (টিকেএম) সামৰি লয়, যি কাৰ্বন নিৰ্গমন হ্ৰাস আৰু শক্তি দক্ষতা বিকশিত কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱে প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।
পৰৱৰ্তী সময়ত, সৰ্বাধিক অনুমোদিত খণ্ডগত গতিবেগত বৈদ্যুতিক লোকোমোটিভৰ পৰীক্ষণ সফলতাৰে সম্পাদন কৰা হয়, যাৰ জৰিয়তে বৰ্ধিত পৰিচালনৰ বাবে আন্তঃগাঁথনিগত প্ৰস্তুতি পুনৰ নিশ্চিতকৰণ কৰা হয়। প্ৰকল্পটোৰ মুখ্য বৈশিষ্ট্যসমূহৰ ভিতৰত আছে সৱল বিদ্যুৎ যোগান ইনষ্টলেছন, বালিপাৰা আৰু গহপুৰৰ ট্ৰেক্সন উপকেন্দ্ৰসমূহৰ পৰা এক স্থিৰ শক্তিৰ উৎস নিশ্চিত কৰণ। এতিয়া অভাৰহেড ইকুইপমেন্ট (ওএইচই) সুৰক্ষিত কৰাৰ বাবে হাইট গজেৰে ১৩০ টা লেভেল ক্ৰছিং সজ্জিত কৰাৰ লগতে সুৰক্ষা বৃদ্ধিও অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ উপৰিও, সকলো ষ্টেচন আৰু চুইচিং ষ্টেচনত এতিয়া টিপিচি যোগাযোগ প্ৰণালীৰ সৈতে চিগনেলিং আৰু টেলিকমিউনিকেচন প্ৰণালীও উন্নীত কৰা হৈছে। বিশ্বনাথ চাৰিআলিত দুটা অ’এইচই তথা পিএছআই ৰক্ষণাবেক্ষণ ডিপো আৰু এটা টাৱাৰ ৱাগন শ্বেডৰ দ্বাৰা ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় সা-সুবিধাসমূহ শক্তিশালী কৰা হৈছে আৰু লগতে সুগম পৰিচালন নিশ্চিত কৰা হৈছে। ২০ মাৰ্চ, ২০২৫ লৈকে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ৩৩৬০ ৰুট কিলোমিটাৰ বৈদ্যুতিকৰণ কৰিছে, যি ইয়াৰ মুঠ ৪২৬০ আৰকেএমৰ নেটৱৰ্কৰ ৭৯ শতাংশতকৈও অধিক। এই গুৰুত্বপূৰ্ণ প্ৰগতিয়ে ভাৰতীয় ৰে’লৱেৰ ১০০ শতাংশ বৈদ্যুতিকৰণ আৰু নেট-জিৰো কাৰ্বন নিৰ্গমন প্ৰাপ্ত কৰাৰ অভিযানৰ সৈতে সংগতি ৰাখে।
বৈদ্যুতিকৰণৰ এই প্ৰচেষ্টাসমূহ বিভিন্ন মণ্ডলত কাৰ্যকৰী হৈ আছে আৰু অসম ১৮০৬ আৰকেএমত আগবাঢ়ি আছে, ইয়াৰ পিছতেই পশ্চিম বংগ ৯৩৬ আৰকেএম, বিহাৰ ৩১৯ আৰকেএম আৰু ত্ৰিপুৰা ২৬৯ আৰকেএম আৰু অৰুণাচল প্ৰদেশ ১১ আৰকেএমত আগবাঢ়ি আছে। পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষ ২০২৩-২৪, ৯২১ আৰকেএম বৈদ্যুতিকৰণ আৰু বৰ্তমানৰ বিত্তীয় বৰ্ষ ২০২৪-২৫ (২০ মাৰ্চলৈকে)- ৭৭ আৰকেএম বৈদ্যুতিকৰণ।
এই বৈদ্যুতিকৰণ প্ৰয়াসে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস, কাৰ্বন নিৰ্গমন হ্ৰাস আৰু ৰে’ল পৰিচালনত উন্নত দক্ষতা সহ বহুতো লাভালাভ আনিব বুলি আশা কৰা হৈছে। এই বৰ্ধিত কাৰ্যসমূহৰ সম্পাদনেৰে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই আধুনিক, বহনক্ষম ৰে’ল পৰিবহনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ফলত এক সেউজ আৰু অধিক দক্ষ ৰে’ল নেটৱৰ্কৰ প্ৰতি ইয়াৰ সমৰ্পণকেই দৃঢ় কৰি তুলিছে।