গুৱাহাটী, ৩ ছেপ্টেম্বৰ, ২০২৩ : উত্তৰ পূব সীমান্ত(North East Frontier Railway) ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২৯ ৰ পৰা ৩১ আগষ্টৰ ভিতৰত এই সংমণ্ডলত নিয়মীয়া অনুসন্ধান আৰু অভিযান চলাই থকা সময়ত যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ সৈতে জড়িত ১১ জন লোকক আটক কৰে। বিভিন্ন ষ্টেচন আৰু ৰে’লত অনুসন্ধানৰ সময়ত কাটিহাৰ, লামডিং, নিউ হাফলং আৰু গুৱাহাটীৰ ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ১,৭৪,৬০০ টকাৰ চুৰি হোৱা মূল্যৱান সামগ্ৰী সফলতাৰে উদ্ধাৰ কৰে।

২৯ আগষ্ট তাৰিখে সংঘটিত এক ঘটনাত, কাটিহাৰ ৰে’ল ষ্টেচনত নিয়মীয়া অনুসন্ধানৰ সময়ত জিআৰপি, কাটিহাৰৰ সৈতে কাটিহাৰৰ আৰপিএফ চিপিডিএছ (ক্ৰাইম প্ৰিভেন্সন এণ্ড ডিটেকচন স্কোৱাড) দলে ৩ জন লোকক আটক কৰে আৰু যাত্ৰীৰ চুৰি হোৱা প্ৰায় ৩২,০০০ টকা মূল্যৰ ৩ টা মোবাইল ফোন উদ্ধাৰ কৰে। পিছত, উদ্ধাৰ হোৱা মোবাইল ফোন আৰু আটক কৰা লোকসকলক পৰৱৰ্তী প্ৰয়োজনীয় প্ৰক্ৰিয়াৰ বাবে জিআৰপি, কাটিহাৰৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়।

৩১ আগষ্ট তাৰিখে সংঘটিত আন এটা ঘটনাত গুৱাহাটীৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে গুৱাহাটী ৰে’ল ষ্টেচনত অনুসন্ধান অভিযান চলায় আৰু প্ৰায় ৬০,৬০০ টকা মূল্যৰ এডাল সোণৰ চেইন, এটা সোণৰ আঙুঠি আৰু এটা মোবাইল ফোন আৰু অন্যান্য মূল্যৱান সামগ্ৰী থকা এটা বেগসহ ১ জন লোকক আটক কৰে। এই সামগ্ৰীসমূহ ৰেল নং ১৩১৭৫ (শিয়ালদহ-শিলচৰ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখনৰ এজন যাত্ৰীৰ পৰা চুৰি কৰা হৈছিল। পিছত, উদ্ধাৰ হোৱা সামগ্ৰী আৰু আটক কৰা লোকজনক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিআৰপি, গুৱাহাটীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ), কিশোৰ আৰু কিশোৰীক উদ্ধাৰ, দালালক গ্ৰেপ্তাৰ, নিচাজাতীয় সামগ্ৰী উদ্ধাৰ অথবা এৰি থৈ যোৱা চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ পৰা আৰম্ভ কৰি ৰে’ল ব্যৱহাৰকাৰীসকলক সম্পূৰ্ণ মাত্ৰাৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে সদায় এক সক্ৰিয় ভূমিকা পালন কৰে। তেওঁলোকে ৰে’ল ব্যৱহাৰকাৰী-যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰা কাৰ্যৰ উপৰিও যাত্ৰীসকলক নিৰ্দেশনা আৰু সহায় আগবঢ়োৱাৰ বাবে প্ৰশংসনীয় সেৱা আগবঢ়াইছে। ৰে’ল যাত্ৰীসকলে তেওঁলোকৰ ৰে’ল ভ্ৰমণৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হ’লে ১৩৯ (টোল-ফ্ৰী)ডায়েল কৰিব পাৰে।