নিউজ ডেস্ক, ১৬ জুন, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেই (North East Frontier Railway) ইয়াৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ বাবে আৰু সময়মতে অত্যাৱশ্যকীয় সামগ্ৰী অন্তিম ব্যৱহাৰকাৰীজনৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰাৰ অৰ্থে একনিষ্ঠভাৱে কাম কৰি আহিছে। ইয়াৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেই মালবাহী লোডিঙত অবিৰতভাৱে অগ্ৰগতি লাভ কৰি আহিছে। ২০২৪ বৰ্ষৰ মে’ মাহৰ সময়ছোৱাত, বিভিন্ন সামগ্ৰীৰ ১.০৩৪ মিলিয়ন টন লোডিং পঞ্জীয়ন কৰা হয়।

এয়া হৈছে বিগত বৰ্ষৰ এই একেই সময়ছোৱাৰ তুলনাত ১৬.৮৩ শতাংশ বৃদ্ধি। ২০২৪ বৰ্ষৰ মে’ মাহৰ সময়ছোৱাত কেইটামান সামগ্ৰীৰ লোডিঙে পূৰ্ব বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত গুৰুত্বপূৰ্ণ বৃদ্ধি পঞ্জীয়ন কৰিছে। উক্ত মাহটোত, পূৰ্ব বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত খাদ্য শস্যৰ লোডিং ৫৭.৭ শতাংশ, চিমেণ্টৰ লোডিং ১২২.২ শতাংশ বৃদ্ধি হৈছে। পিওএল লোডিং ৬৯.৪ শতাংশ বৃদ্ধি হৈছে আনহাতে কণ্টেইনাৰ লোডিং ৩৩.৩ শতাংশ বৃদ্ধি হৈছে।

বিগত বিত্তীয় বৰ্ষৰ এই একেই সময়ছোৱাৰ তুলনাত কাঠ আৰু বেলাষ্টৰ দৰে বিবিধ সামগ্ৰীৰ লোডিংঙো ক্ৰমে ৬৬.৭ শতাংশ আৰু ৩৮.৮ শতাংশ বৃদ্ধি হৈছে।চলিত বিত্তীয় বৰ্ষৰ যোৱা দুমাহৰ সময়ছোৱাত অৰ্থাৎ এপ্ৰিল আৰু মে’ মাহত চিমেণ্টৰ লোডিং ১৪ শতাংশ, খাদ্য শস্যৰ লোডিং ৪১.৫ শতাংশ, সাৰৰ লোডিং ২৯.২ শতাংশ, পিওএলৰ লোডিং ৫৬.৩ শতাংশ আৰু কন্টেইনাৰৰ লোডিং ৩৩.৩ শতাংশ বৃদ্ধি হৈছে। অৱশেষত, বছৰে বছৰে সামগ্ৰী লোডিং বৃদ্ধিয়ে অঞ্চলটোৰ বৰ্ধিত অৰ্থনৈতিক কামকাজকে সূচাইছে। মালবাহী ৰে’লৰ লোডিঙৰ অগ্ৰগতিয়ে এক উল্লেখযোগ্য পৰিমাণৰ সামগ্ৰী ৰাজহ সৃষ্টি কৰিছে।