নিউজ ডেস্ক, ১৭ এপ্ৰিল, ২০২৫ : ৰে’লৱে ব’ৰ্ডৰ (Railway Board) অতিৰিক্ত সদস্য (ট্ৰেফিক) কে. ৰবীন কুমাৰ ৰেড্ডীয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱে পৰিদৰ্শন কৰি জ্যেষ্ঠ ৰে’ল বিষয়াবৰ্গৰ সৈতে এক ব্যাপক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত ৰেড্ডীয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে পৰিচালনৰ কাৰ্যসূচী সূচক, সংমণ্ডলটোৰ সফলতা আৰু কৌশলগত ৰণনীতিৰ ওপৰত এক পুংখানুপুংখ পৰ্যালোচনা কৰে।
পৰ্যালোচনা বৈঠকত ৰে’লৱেৰ মুখ্য কামকাজ যেনে মালবাহী ৰে’লৰ লোডিং, সময়ানুৱৰ্তীতা, সুৰক্ষা আৰু ৰাজহ উৎপাদন সামৰি লোৱা হয়। ৰেড্ডীয়ে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা প্ৰদৰ্শিত ধাৰাবাহিক উন্নয়নৰ প্ৰশংসা কৰে, বিশেষকৈ মালবাহী খণ্ডত আৰু লজিষ্টিক খণ্ডৰ বিকশিত প্ৰয়োজনীয়তা পূৰণৰ বাবে উদ্ভাৱনীমূলক দৃষ্টিভংগী আৰু আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব অব্যাহত ৰাখিবলৈ এই ৰে’লৱেৰ টীমটোক আহ্বান জনায়। মালবাহী ৰে’লৰ প্ৰদৰ্শনৰ পৰ্যালোচনা কৰি ৰেড্ডীয়ে ২০২৫ বৰ্ষৰ মাৰ্চ মাহত সামগ্ৰীৰ পৰিবহন যথেষ্ট বৃদ্ধি হোৱা বুলি উল্লেখ কৰে।
যোৱা বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত, উত্তৰ পূব সীমান্ত ৰে’লৱেই একাধিক শ্ৰেণীত, যেনে-চিমেণ্টৰ লোডিং ৯.৬ শতাংশ, ডলোমাইট ৯.১ শতাংশ, সাৰ ২৮.৬ শতাংশ আৰু ‘অন্যান্য’ শ্ৰেণী ৯.৬ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে। ইয়াৰ উপৰিও, বিশেষ খণ্ডসমূহত এক উল্লেখযোগ্য বৃদ্ধি হয় যেনে-আলুৰ লোডিং ৫৪.৫ শতাংশ, ষ্টোন চিপছ ৬১.৯ শতাংশ আৰু বিবিধ সামগ্ৰীৰ লোডিং ৭.৪ শতাংশ বৃদ্ধি হয়।সামগ্ৰিকভাৱে, মাৰ্চ ২০২৫ লৈকে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ১০.৬৮১ নিযুত টনৰ মালবাহী লোডিং প্ৰাপ্ত কৰিছে যি পূৰ্বৰ বিত্তীয় বৰ্ষৰ এই একেই সময়ছোৱাৰ তুলনাত ৪.৩ শতাংশ বৃদ্ধি হৈছে।
এই আকৰ্ষণীয় বিকাশে আঞ্চলিক অৰ্থনীতি আৰু ভাৰতীয় ৰে’লৰ সামগ্ৰিক ৰাজহ উভয়ৰে বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁৰ ভ্ৰমণসূচীৰ অংশ হিচাপে ৰেড্ডীয়ে আজাৰা ৰে’ল ষ্টেচন গুড্ছ শ্বেডো পৰিদৰ্শন কৰে। তাত তেওঁ স্থানীয় ব্যৱসায়ী আৰু মালবাহী অংশীদাৰসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে। এই মত বিনিময়ে মুকলি আলোচনাৰ বাবে এক মঞ্চ প্ৰদান কৰিছে, যাৰ দ্বাৰা ব্যৱসায়ীসকলে নিজ নিজ মতামত বিনিময় কৰিছে আৰু মালবাহী ৰে’লৰ সেৱাৰ লগতে অন্তিম প্ৰান্তৰ সংযোগ উন্নত কৰাৰ ওপৰত পৰামৰ্শ আগবঢ়াব পাৰিছে।
ৰেড্ডীয়ে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মালবাহী ৰে’লৰ আন্তঃগাঁথনিৰ বৃদ্ধি আৰু নিৰৱচ্ছিন্নভাৱে, উপযুক্ত সেৱা প্ৰদানত নিশ্চিত কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দৃঢ় প্ৰতিশ্ৰুতিৰ প্ৰতি অংশগ্ৰহণকাৰীসকলক আশ্বাস দিয়ে। অনাগত সময়তো উত্তৰ পূব সীমান্ত ৰে’লৱে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পৰিচালন প্ৰক্ৰিয়াৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যাতে মাল পৰিবহনত নিৰন্তৰ অগ্ৰগতিৰ নিশ্চিতকৰণ, সেৱাৰ নিৰ্ভৰযোগ্যতা উন্নতকৰণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশত ইয়াৰ অৱদান অব্যাহত ৰাখিব পৰা যায়।