নিউজ ডেস্ক, ৩ নৱেম্বৰ, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ (North East United FC) বিদেশী তাৰকা আলাউদ্দিন আজাৰায়ে ইণ্ডিয়ান ছুপাৰ লীগৰ এটা ছিজনৰ প্ৰথম সাতখন মেচত গ’ল কৰি নতুন অভিলেখ গঢ়িছে৷ চলিত একাদশ আই এছ এলৰ আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত মেচত নৰ্থ ইষ্ট ইউনাইটেডে ৩-২ গ’লত পৰাস্ত কৰে¸ উৰিষ্যা এফ চিক৷ এই মেচতে ঘৰুৱা দলৰ হৈ দুটাকৈ গ’ল কৰি অভিলেখ গঢ়ে আলাউদ্দিনে৷

পূৰ্বৰ ছখন মেচৰ দৰেই আজিও প্ৰথমে অগ্ৰগতি লয় নৰ্থ ইষ্ট ইউনাইটেডে৷ খেলৰ ১২ মিনিটত পাৰ্থিৱ গগৈৰ সহায়ত প্ৰথমটো গ’ল কৰে আলাউদ্দিন আজাৰায়ে৷ এই গ’লটোৰ জড়িয়তে অভিলেখৰগৰাকী হয় মৰক্কোৰ ষ্ট্ৰাইকাৰজন৷ উল্লেখ্য যে আই এছ এলৰ উদ্বোধনী বৰ্ষত চেন্নাইয়ান এফ চিৰ ব্ৰাজিলিয়ান ফৰ’ৱাৰ্ড ব্লুমাৰে ক্ৰমাগত প্ৰথম ছখনত মেচত গ’ল কৰিছিল৷ আজি গুৱাহাটীত সেই অভিলেখ ভংগ কৰে আলাউদ্দিন আজাৰায়ে৷ আই এছ এলৰ ক্ৰমাগত সাতখন মেচতে গ’ল কৰা দ্বিতীয়গৰাকী খেলুৱৈ হোৱাৰো গৌৰৱ লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেডৰ তাৰকাগৰাকীয়ে৷

ইয়াৰপূৰ্বে ২০১৮ ত দিল্লী ডাইনামো এফ চিৰ কালু উচে এই অভিলেখ গঢ়িছিল৷ ব্লুমাৰৰ অভিলেখ ভংগ কৰি তথা কালুৰ অভিলেখ স্পৰ্শ কৰি খেলৰ ৪০ মিনিটত দ্বিতীয়টো গ’ল কৰি বিৰতিলৈ নৰ্থ ইষ্ট ইউনাইটেডক ২-০ ত আগুৱাই ৰাখে আলাউদ্দিন আজাৰায়ে। দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত উৰিষ্যা এফ চিৰ হৈ খেলপথাৰত প্ৰৱেশ কৰা হুগু বৌমৌছে ৬০ মিনিটত গ’ল কৰি ব্যৱধান ২-১ কৰিবলৈ সক্ষম হয়৷ ইফালে, নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ খেলপথাৰত প্ৰৱেশ কৰে গুইলেৰ্মো ফাৰ্ণাণ্ডেজে৷ খেলৰ ৭১ মিনিটত আলাউদ্দিন আজাৰায়ৰ পৰা বল বিপক্ষৰ নেটত প্ৰৱেশ কৰাই ঘৰুৱা দলক ৩-১ ৰ অগ্ৰগতি দিয়ে গুইলেৰ্মো ফাৰ্ণাণ্ডেজে৷

আক্ৰমণ তীব্ৰ কৰে উৰিষ্যা দলেও৷ খেলৰ ৮৩ মিনিটত ডিয়েগো মৌৰিচিঅ’ই ফ্ৰী-কিকৰ জড়িয়তে গ’ল কৰি ব্যৱধান ৩-২ কৰি আশা সজীৱ ৰাখিবলৈ চেষ্টা কৰে৷ কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালীয়ে ৰক্ষন বিভাগত শক্তি বৃদ্ধি কৰি অগ্ৰগতি ধৰি ৰাখিবলৈ সক্ষম হয়৷ ক্ৰমাগত দুখন মেচত জয়ৰে নৰ্থ ইষ্ট ইউনাইটেডে সাতখন মেচ খেলাৰ পাছত এঘাৰ পইণ্ট অৰ্জন কৰিছে৷ পঞ্চম স্থানত আছে গুৱাহাটীৰ দলটো৷

ইফালে, সমসংখ্যক মেচ খেলি আঠ পইণ্টৰে ওড়িছা এফ চি সপ্তমত আছে৷ নৰ্থ ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখন বাংগালুৰু এফ চিৰ বিৰুদ্ধে খেলিব৷ অহা আঠ নৱেম্বৰত কান্তিৰাভা ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ’ব৷ ইফালে উৰিষ্যা এফ চিয়ে অহা দহ নৱেম্বৰত ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে মুখামুখি হ’ব৷