নিউজ ডেস্ক, ২ ফেব্ৰুৱাৰী, ২০২৫ : ক্ৰমাগত সাতখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে (North East United FC) চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত হ’বলগা খেলত ঘৰুৱা দল উৰিষ্যা এফ চিৰ মুখামুখি হ’ব৷ নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে এয়া ১৯ নম্বৰ খেল৷ উল্লেখ্য যে ইয়াৰপূৰ্বে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডে ৩-২ গ’লত উৰিষ্যা দলক পৰাস্ত কৰিছিল৷ সুন্দৰ ফৰ্মত থকা আত্মবিশ্বাসী নৰ্থ ইষ্ট ইউনাইটেডে এই মেচত জয়লাভ কৰিলে প্ৰথমবাৰৰ বাবে উৰিষ্যাৰ বিৰুদ্ধে ডাবল সাফল্য অৰ্জন কৰিব৷ ঘৰত হায়দৰাবাদক হৰুৱাই ভূৱনেশ্বৰলৈ আহিছে গুৱাহাটীৰ দলটো৷

সাতখনত জয় আৰু সমসংখ্যক মেচ ড্ৰ কৰা নৰ্থ ইষ্ট ইউনাইটেডে ১৮ মেচত ২৮ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানত আছে৷ উৰিষ্যাৰ বিৰুদ্ধে তিনি পইণ্ট লাভ কৰিলে দলৰ প্লে-অফলৈ যোগ্যতাৰ সুযোগ বৃদ্ধি হ’ব৷ ২৮ পইণ্টে লাভ কৰা মুম্বাই চিটী আৰু বেংগালুৰু এফ চিৰ লগত ব্যৱধানৰ দূৰত্ব বৃদ্ধি কৰি শক্তিশালী স্থিতিত থাকিব গুৱাহাটীৰ দলটো৷ ইফালে, উৰিষ্যা দলেও ঘৰত খেলাৰ সুযোগ লৈ জয়ৰে শীৰ্ষ ছয়ত প্ৰৱেশৰ চেষ্টা কৰিব৷ ১৭ মেচত ২৪ পইণ্টৰে তালিকাৰ সপ্তম স্থানত আছে উৰিষ্যা৷ দলে ছয়খন মেচত জয় তথা সমসংখ্যক খেল ড্ৰ খেলাৰ বিপৰীতে পাঁচখনত পৰাস্ত হৈছে৷ অৱশ্যে উভয় দলে অন্তিম মেচত জয়লাভ কৰাত খেল প্ৰতিদ্বন্দ্বিতামুলক হ’ব৷

উল্লেখ্য যে আই এছ এলত দুয়োটা দল এঘাৰবাৰ মুখামুখি হৈছে৷ উৰিষ্যাই ছয়খন মেচত জয়লাভ কৰাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে চাৰিখনত জয় হৈছে৷ মাত্ৰ এখন মেচহে ড্ৰ হৈছে৷ সেয়েহে উভয় দলৰ প্ৰশিক্ষকৰ আক্ৰমণৰ ৰণনীতিয়ে মেচ ৯০ মিনিটে সমৰ্থকক উত্তেজনাৰ চাপত ৰাখিব৷ ‘আমি আমাৰ ভুলৰ পৰা শিকিব লাগিব আৰু উন্নতি কৰিব লাগিব৷’ উৰিষ্যা এফ চিৰ মুখ্য প্ৰশিক্ষক চাৰ্জিঅ’ ল’বেৰাই দলৰ জ্যেষ্ঠ খেলুৱৈৰ ভূমিকাক একপ্ৰকাৰ সমালোচনা কৰি মেচৰ পূৰ্বে এইদৰে কয়৷ তেওঁ লগতে কয়, ‘জ্যেষ্ঠ খেলুৱৈসকল পেছাদাৰী৷ সকলোৱে ভুল কৰে৷ ভুল নকৰা মানুহজনেই হ’ল একো নকৰা মানুহ৷ কিন্তু শুধৰণি কৰি আগুৱাই যোৱাটোহে লক্ষ্য৷’

ইফালে, নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিয়ে দলটোৰ প্ৰতিজন খেলুৱৈকে নিজৰ প্ৰদৰ্শনৰ তীব্ৰতা বজাই ৰাখিবলৈ উৎসাহিত কৰিছে৷ সংবাদমেলত বেনালিয়ে কয় ‘আমি সম্পূৰ্ণ ছিজনত কঠোৰ পৰিশ্ৰম কৰি আহিছো৷ তেওঁ কয়, ‘আমি সম্পূৰ্ণ ছিজনটো কঠোৰ পৰিশ্ৰম কৰি আহিছো৷ কিন্তু এতিয়া আমি যি বিচাৰো তাত উপনীত হ’বলৈ একেবাৰে শেষলৈকে আগবাঢ়িব লাগিব৷’ উল্লেখ্য যে এইবাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ ঘৰতকৈ বাহিৰত খেলা মেচৰ সফলতা অধিক৷ ইতিমধ্যে লীগত ১৮ খন মেচ খেলা গুৱাহাটীৰ দলটোৱে যি সাতখন মেচত যি জয়ৰ সফলতা অৰ্জন কৰিছে তাৰ চাৰিখনেই বাহিৰত খেলা৷ সেয়েহে ভূৱনেশ্বৰতো অধিক আশাবাদী বেনালী৷