নিউজ ডেস্ক, ৩ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) যাত্ৰী সুৰক্ষা, অপৰাধ প্ৰতিৰোধ আৰু মানৱীয় সেৱাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখি চলিত বৰ্ষৰ ২৮ আৰু ২৯ জুলাই তাৰিখে ইয়াৰ অধিক্ষেত্ৰৰ অধীনত সফলতাৰে গুৰুত্বপূৰ্ণ অভিযান সম্পন্ন কৰে। এই অভিযানসমূহৰ জৰিয়তে যাত্ৰীসকলক সহায় আগবঢ়োৱা, অপৰাধমূলক কাৰ্যকলাপ চিনাক্ত আৰু প্ৰতিৰোধ কৰা, দালালবিৰোধী অভিযান চলোৱা, চোৰাং সামগ্ৰী আৰু চুৰি হোৱা সম্পত্তি উদ্ধাৰ, অসহায় আৰু সুৰক্ষাৰ প্ৰয়োজন থকা ব্যক্তিসকলক উদ্ধাৰ কৰাৰ লগতে ৰে’লৱেৰ সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰা হয়।

এই সফল অভিযানসমূহে ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলৰ সজাগতা, পেছাদাৰী দক্ষতা, নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰি আদৰ্শ তৎপৰতা আৰু মানৱীয় দায়বদ্ধতাৰ পৰিচয় দি ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে পূৰ্ণিয়া ৰে’লৱে ষ্টেচনত ১৫৭০১ নং ৰে’লত যাত্ৰা কৰি থকা এগৰাকী বৃদ্ধা যাত্ৰীৰ জীৱন ৰক্ষা কৰি সময়মতে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আন এক ঘটনাত, গংগাৰামপুৰ ৰে’লৱে ষ্টেচনত ১৫৭৪৩ নং ৰে’লত যাত্ৰা কৰি থকা এজন অসুস্থ যাত্ৰীক ৰে’লৱে সুৰক্ষা বাহিনীয়ে তৎক্ষণাত চিকিৎসা সহায় আগবঢ়োৱাৰ লগতে উন্নত চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

নিষিদ্ধ সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অব্যাহত অভিযানৰ অংশ হিচাপে ৰঙিয়া ৰে’লৱে ষ্টেচনত গৰাকীবিহীন এটা কনচাইনমেন্টৰ পৰা প্ৰায় ৪৪ হাজাৰ টকা মূল্যৰ ২০০ বটল এচকাফ কফ ছিৰাপ জব্দ কৰে। ইয়াৰ উপৰিও বাৰচোই, নিউ জলপাইগুড়ী আৰু কিষানগঞ্জ ৰে’ল ষ্টেচনত চলোৱা পৃথক তিনিটা অভিযানত প্ৰায় ২৮ হাজাৰ টকা মূল্যৰ ১১৯ বটল অবৈধ সুৰা জব্দ কৰা হয়। উদ্ধাৰ কৰা সামগ্ৰীসমূহ পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট আবকাৰী আৰু আৰক্ষী কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা হয়। ৰে’লৱে-সম্পৰ্কীয় অপৰাধৰ বিৰুদ্ধে চলোৱা অভিযানত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৬ জন অপৰাধীক আটক কৰে। ইয়াৰে ভিতৰত চুৰি-সংক্ৰান্ত অপৰাধত জড়িত ৫ জন আৰু এজন অবৈধ ৰে’লৱে টিকটৰ দালাল আছিল।

এই অভিযানত প্ৰায় ৭২ হাজাৰ টকা মূল্যৰ ৫ টা চুৰি হোৱা মোবাইল ফোন, লগতে প্ৰায় ৫ হাজাৰ টকা মূল্যৰ এখন তৎকাল টিকট আৰু দুখন পূৰ্ব যাত্ৰাৰ টিকট উদ্ধাৰ কৰা হয়। আটক কৰা ব্যক্তিসকল আৰু উদ্ধাৰ কৰা সামগ্ৰীসমূহ পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট আইন বলবৎকাৰী সংস্থাৰ হাতত গতাই দিয়া হয়। মানৱ সেৱা আৰু শিশু সুৰক্ষাৰ প্ৰতি নিজৰ সমৰ্পন মনোভাৱক পুনৰ প্ৰতিফলিত কৰি ৰে’লৱে সুৰক্ষা বাহিনীয়ে টংলা, বৰপেটা ৰোড, গুৱাহাটী, কিষানগঞ্জ আৰু নিউ জলপাইগুড়ী ৰে’ল ষ্টেচনৰ পৰা ১১ জন অসহায় ব্যক্তিক উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত ১০ জন নাবালক-নাবালিকা (৭ জন ল’ৰা আৰু ৩ গৰাকী ছোৱালী) আৰু এগৰাকী আশ্ৰয়হীনা প্ৰাপ্তবয়স্ক মহিলা আছিল। উদ্ধাৰ কৰা নাবালক-নাবালিকাসকলৰ যত্ন আৰু সুৰক্ষাৰ বাবে সুৰক্ষিতভাৱে তেওঁলোকৰ অভিভাৱক আৰু সংশ্লিষ্ট শিশু কল্যাণ সমিতি আৰু শিশু তত্বাৱধান প্ৰতিষ্ঠানৰ জিম্মাত অৰ্পণ কৰা হয়।

নিউ জলপাইগুড়ী ৰে’লৱে ষ্টেচনত উদ্ধাৰ হোৱা আশ্ৰয়হীনা মহিলাগৰাকীক তেওঁৰ জ্যেষ্ঠ ভাতৃৰ সৈতে পুনৰ মিলিত কৰোৱা হয়। এক সমন্বিত অভিযানত কাটিহাৰৰ (পশ্চিম) ৰে’লৱে সুৰক্ষা বাহিনী আৰু অভিযান্ত্ৰিক বিভাগে (এছএছই/ৱৰ্কছ)-এ কাটিহাৰ ৰে’লৱে ষ্টেচনত উচ্ছেদ অভিযান চলাই ১০৯ একৰ কোচি গ্ৰীণ গোল্ফ ক্লাবৰ বাউণ্ডেৰী ৱালৰ কাষৰ ৰে’লৱেৰ মাটিত নিৰ্মাণ কৰা অবৈধ নিৰ্মাণ উচ্ছেদ কৰি ৰে’লৱেৰ সম্পত্তি সুৰক্ষিত কৰে। এই দুদিনীয়া অভিযানৰ সময়ত ৰে’লৱে সুৰক্ষা বাহিনীয়ে মুঠ ১৫ টা সফল অভিযান সম্পন্ন কৰাৰ লগতে এজন যাত্ৰীৰ জীৱন ৰক্ষা, আন এজনক চিকিৎসা সহায়, ৬ জন অপৰাধীক গ্ৰেপ্তাৰ, ১১ জন অসহায় ব্যক্তিক উদ্ধাৰ, এটা অবৈধ দখল উচ্ছেদ অভিযান আৰু ২০০ বটল কফ ছিৰাপ, ১১৯ বটল অবৈধ সুৰা, ৫ টা চুৰি হোৱা মোবাইল ফোন আৰু ৰে’ল টিকট উদ্ধাৰ কৰে।

এই সামগ্ৰীসমূহৰ মুঠ মূল্য হৈছে প্ৰায় ১.৫০ লাখ টকা।
এই সফল অভিযানসমূহে যাত্ৰী সুৰক্ষা, ৰে’লৱেৰ সম্পত্তি ৰক্ষা আৰু সময়োপযোগী সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত ৰে’লৱে সুৰক্ষা বাহিনীৰ নিষ্ঠা, সতৰ্কতা আৰু পেছাদাৰী দক্ষতাৰ স্পষ্ট পৰিচয় দাঙি ধৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱে সক্ৰিয় আৰক্ষী ব্যৱস্থা, ফলপ্ৰসূভাৱে আইন বলবৎকৰণ আৰু জনমুখী সেৱাৰ জৰিয়তে যাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা অধিক শক্তিশালী কৰাৰ লগতে সকলোৰে বাবে নিৰাপদ আৰু আৰামদায়ক যাত্ৰা নিশ্চিত কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ।