গুৱাহাটী, ৩ আগষ্ট, ২০২৬ : ভাৰতৰ বিভিন্ন প্ৰান্তৰ সোৱাদ একেখন চালিৰ তলতে উপভোগ কৰাৰ সুযোগ আনি খাদ্যপ্ৰেমীসকলৰ (Foodlover) বাবে বিশেষ খাদ্য উৎসৱ ‘উত্তৰ দক্ষিণ-জব নৰ্থ মেট চাউথ’ৰ আয়োজন কৰিছে ৰেডিছন ব্লু গুৱাহাটীৰ ‘দ্য গ্ৰেট কাবাব ফেক্টৰী’য়ে। অহা ৩১ জুলাইৰ পৰা ১৬ আগষ্ট, ২০২৬ লৈ অনুষ্ঠিত হ’বলগীয়া এই বিশেষ উৎসৱৰ জৰিয়তে অতিথিসকলক ভাৰতৰ বৈচিত্ৰ্যময় খাদ্যঐতিহ্যৰ এক অনবদ্য সোৱাদৰ যাত্ৰালৈ আমন্ত্ৰণ জনোৱা হৈছে।
দেশৰ সমৃদ্ধ তথা বৈচিত্ৰ্যময় খাদ্যসংস্কৃতিক উদ্যাপন কৰাৰ উদ্দেশ্যৰেই আয়োজন কৰা হৈছে এই উৎসৱৰ। উত্তৰ ভাৰতৰ সুস্বাদু, প্ৰচাৰিত তথা ঐতিহ্যবাহী সোৱাদৰ সৈতে দক্ষিণ ভাৰতৰ মছলাৰ সুবাসেৰে পৰিপূৰ্ণ ৰন্ধনশৈলীক এই উৎসৱৰ জৰিয়তে একেখন মঞ্চতে দাঙি ধৰা হৈছে। ৰেডিছন ব্লু গুৱাহাটীৰ অভিজ্ঞ ৰন্ধনশিল্পীসকলৰ প্ৰচেষ্টাত প্ৰস্তুত কৰা এই বিশেষ মেন্যুৰ জৰিয়তে গ্ৰাহকসকলে উত্তৰ আৰু দক্ষিণ ভাৰতৰ থলুৱা আঞ্চলিক সোৱাদৰ এক অনন্য সুযোগ লাভ কৰিব।
এই বিশেষ আয়োজনক অধিক সমৃদ্ধ কৰিবলৈ উৎসৱৰ বাবে সুকীয়াকৈ প্ৰস্তুত কৰা হৈছে এক বিশেষ মেন্যু। অতিথিসকলৰ বাবে সাজু কৰি তোলা হৈছে মালাবাৰী কালমী কাবাব, মাথানিয়া পনীৰ, ধুংগাৰ আদৰকী চাপেইন, মাটন পুলুচু, অন্ধ্ৰ মচলা প্ৰনছ, হাৰিয়ালী বাদামী টাংড়ী কাবাব আৰু গান পাউডাৰ আইঅ’লীৰ সৈতে পৰিৱেশন কৰা অমৃতসৰী মাছ। ইয়াৰ উপৰিও ভাৰতৰ বৈচিত্ৰ্যময় আঞ্চলিক খাদ্যসংস্কৃতিৰ পৰা অনুপ্ৰাণিত অন্যান্য বহু নিৰামিষ আৰু আমিষ বিশেষ ব্যঞ্জনো পৰিৱেশন কৰা হ’ব। ধোঁৱাৰ সোৱাদেৰে পৰিপূৰ্ণ গ্ৰিল, সুগন্ধি মচলাৰ প্ৰয়োগ, সমৃদ্ধ কাৰীৰ পৰা উপকূলীয় অঞ্চলৰ ঐতিহ্যবাহী ব্যঞ্জন- প্ৰতিটো পৰিৱেশনতে দীৰ্ঘদিন ধৰি চলি অহা ৰন্ধনপ্ৰণালী, থলুৱা উপকৰণ আৰু ঐতিহ্যবাহী ৰন্ধন শৈলীৰ সোৱাদ তথা বৈশিষ্ট্য দাঙি ধৰা হ’ব।
এই বৈচিত্ৰ্যময় সোৱাদৰ অভিজ্ঞতাক অধিক সমৃদ্ধ কৰিবলৈ অতিথিসকলৰ বাবে ৰখা হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ পৰা অনুপ্ৰাণিত এক বিশেষ আহাৰ গ্ৰহণৰ অভিজ্ঞতা। ঐতিহ্যবাহী পৰিৱেশন শৈলীৰে সজাই তোলা প্ৰতিবিধ ব্যঞ্জন, যত্নসহকাৰে পৰিকল্পনা কৰা সাজ-সজ্জা আৰু উত্তৰ তথা দক্ষিণ ভাৰতৰ আঞ্চলিক বৈশিষ্ট্য তুলি ধৰা নানা উপাদানে সমগ্ৰ পৰিৱেশটো অধিক আন্তৰিক, প্ৰাণৱন্ত আৰু আকৰ্ষণীয় কৰি তুলিব। অতিথিসকলে এই আয়োজনত উত্তৰ আৰু দক্ষিণ ভাৰতৰ উষ্ম আতিথ্য, বৈচিত্ৰ্যময় সংস্কৃতি আৰু আন্তৰিক অভ্যাৰ্থনাৰ পৰিৱেশ একেলগে অনুভৱ কৰাৰ সুযোগ লাভ কৰিব। যাৰ ফলত প্ৰতিটো ভোজনেই অতিথিসকলৰ বাবে ভাৰতৰ সমৃদ্ধ খাদ্য ঐতিহ্য উদ্যাপনৰ এক স্মৰণীয় অভিজ্ঞতালৈ ৰূপান্তৰিত হ’ব।
এই বিশেষ আয়োজন সন্দৰ্ভত ৰেডিছন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ গুৰমীত ৰান্ধাৱাই কয়, “ভাৰতৰ খাদ্য ঐতিহ্য বিশ্বৰ অন্যতম সমৃদ্ধ ঐতিহ্য। দেশৰ প্ৰতিটো অঞ্চলেই নিজা সোৱাদ, ৰন্ধনশৈলী আৰু কাহিনীৰ বাবে স্বতন্ত্ৰ পৰিচয় বহন কৰে। ‘উত্তৰ দক্ষিণ’ৰ মাধ্যমেৰে সেই বৈচিত্ৰ্যক একেখন চালিৰ তলতে তুলি ধৰাৰ আমি প্ৰচেষ্টা চলাইছোঁ। উত্তৰ আৰু দক্ষিণ ভাৰতৰ শ্ৰেষ্ঠ সোৱাদক একত্ৰিত কৰি আমাৰ ৰন্ধনশিল্পীসকলে এনে এক মেন্যু প্ৰস্তুত কৰিছে, যি থলুৱা আঞ্চলিক ৰন্ধনপ্ৰণালীৰ প্ৰতি বিশ্বস্ত থকাৰ সমান্তৰালকৈ অভ্যাগতসকলৰ বাবে এক স্মৰণীয় আহাৰ গ্ৰহণৰ অভিজ্ঞতাও সুনিশ্চিত কৰিব। ‘দ্য গ্ৰেট কাবাব ফেক্টৰী’ত এই ব্যতিক্ৰমী খাদ্য উৎসৱলৈ সকলোকে আদৰণি জনাবলৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ।”
কেৱল খাদ্যৰ সোৱাদতে নহয়, ভাৰতৰ সমৃদ্ধ খাদ্যঐতিহ্যৰ পৰিৱেশো এই উৎসৱত তুলি ধৰা হৈছে। যত্নসহকাৰে পৰিকল্পনা কৰা সাজ-সজ্জা, কলপাতত ঐতিহ্যবাহী পৰিৱেশন আৰু বিভিন্ন অঞ্চলৰ শ্ৰেষ্ঠ উপকৰণেৰে প্ৰস্তুত কৰা মেন্যুৱে সেই অভিজ্ঞতাক অধিক সমৃদ্ধ কৰিব। উত্তৰ ভাৰতৰ ধোঁৱাৰ সোৱাদেৰে পৰিপূৰ্ণ গ্ৰিলৰ পৰা আৰম্ভ কৰি দক্ষিণ ভাৰতৰ সুগন্ধি ঐতিহ্যবাহী ব্যঞ্জনলৈকে-ভাৰতৰ বৈচিত্ৰ্যময় খাদ্যসংস্কৃতিৰ আচল সোৱাদ একেলগে উপভোগ কৰাৰ সুযোগ লাভ কৰিব এই উৎসৱত। ৰেডিছন ব্লু গুৱাহাটীৰ ‘দ্য গ্ৰেট কাবাব ফেক্টৰী’ৰ আভিজাত্যপূৰ্ণ পৰিৱেশে সেই অভিজ্ঞতাক অধিক বিশেষ কৰি তুলিব। আসন সংৰক্ষণ বা এই সংক্ৰান্তীয় অধিক তথ্যৰ বাবে +৯১ ৬৯০১২ ৫৩৫২৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।
