গুৱাহাটী, ২ আগষ্ট, ২০২৬ : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে (Gourav Gogoi) উজনি অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিগত দুটা দিনত কেইবাটাও বান আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ সৈতে মতবিনিময় কৰাৰ কথা প্ৰকাশ কৰি সাংসদগৰাকীয়ে দুৰ্দশাগ্ৰস্ত লোকসকললৈ সহায়ৰ হাত আগবঢ়োৱা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, এনজিঅ’ আৰু শিল্পী সমাজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

গৌৰৱ গগৈয়ে এই দুৰ্যোগৰ সময়ত বানপীড়িতসকলৰ প্ৰকৃত প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে সকলোকে সন্মিলিতভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। সাংসদগৰাকীয়ে কয় যে বানপানী হ্ৰাস পোৱাৰ পিছত সংক্ৰামক ৰোগ আৰু স্বাস্থ্যজনিত সমস্যা প্ৰতিৰোধ কৰাটো অতিশয় প্ৰয়োজনীয় হৈ পৰে। ইয়াৰ বাবে খাদ্যসামগ্ৰীৰ উপৰিও বানপীড়িতসকলক মাস্ক, ফিনাইল, ব্লিচিং পাউডাৰ, টুথব্ৰাছ, টুথপেষ্ট, চাবোন, বাল্টি আৰু মগৰ দৰে স্বাস্থ্য সুৰক্ষাৰ সামগ্ৰী যোগান ধৰাত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়।

ইফালে, যিসকল লোক এতিয়াও পথ বা মথাউৰিত আশ্ৰয় লৈ আছে, তেওঁলোকৰ সুৰক্ষা আৰু আৰামৰ বাবে মেট, তিৰ্পাল, টৰ্চ লাইট আৰু ৰছী আদি সামগ্ৰীৰ অত্যন্ত প্ৰয়োজন বুলিও তেওঁ ব্যক্ত কৰে। ইফালে, ছ’চিয়েল মিডিয়া ‘এক্স’যোগে দিয়া এক সুকীয়া বাৰ্তাত সাংসদ গৌৰৱ গগৈয়ে ৰাজ্যৰ বান সাহায্য পুঁজি সংক্ৰান্তত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন কৰে। তেওঁ উল্লেখ কৰে যে অসমে পুনৰ এক ভয়াবহ বান পৰিস্থিতিৰ সন্মুখীন হ’বলগা হোৱাৰ সময়ত সাহায্য প্ৰক্ৰিয়া কিয় ইমান সীমিত হৈ পৰিছে, সেয়া চিন্তাৰ বিষয়।

২০১৯ ৰ পৰা ২০২৪ চনৰ ভিতৰত অসমে এনডিআৰএফৰ পৰা ৮,৩৯৩.৯৮ কোটি টকাৰ সাহায্য বিচাৰিছিল যদিও লাভ কৰিলে মাত্ৰ ২০৫.৩১ কোটি টকা, যিটো দাবী কৰা ধনৰ মাত্ৰ ২.৪ শতাংশ। কেন্দ্ৰীয় নীতি অনুসৰি নতুন পুঁজি মুকলি কৰাৰ পূৰ্বে ৰাজ্যখনৰ অব্যৱহৃত হৈ থকা এছডিআৰএফৰ ৫ শতাংশলৈকে ধন মঞ্জুৰীকৃত এনডিআৰএফ সাহায্যৰ বিপৰীতে সালসলনি কৰা হয়। কেগৰ প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ কয় যে ২০২৫ চনৰ ৩১ মাৰ্চলৈকে অসমৰ এছডিআৰএফত ১,১১২ কোটি টকা অব্যৱহৃত হৈ আছিল আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিতো আন ৩৪২ কোটি টকা অব্যৱহৃত হৈ ৰৈছিল। অব্যৱহৃত হৈ ৰোৱা প্ৰতিটো টকাৰে মূল্য থাকে আৰু আটাইতকৈ প্ৰয়োজনৰ সময়ত এই মূল্য ভৰিব লগা হয় সংকটত পৰা বানপীড়িত ৰাইজে।

বানপানীৰ এক দীৰ্ঘম্যাদী আৰু স্থায়ী সমাধানৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি গৌৰৱ গগৈয়ে কয় যে বৰ্তমানৰ সংকটজনক অৱস্থাত বিপন্ন ৰাইজক সকলো ধৰণে সহায় কৰাটো প্ৰত্যেকৰে দায়িত্ব। কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাৰ লগতে সাধাৰণ ৰাইজক একত্ৰিত হৈ বানপীড়িতসকলৰ কাষত থিয় হ’বলৈকো গৌৰৱ গগৈয়ে আহ্বান জনায়।