গুৱাহাটী, ২৮ ছেপ্টেম্বৰ, ২০২৪ : আসন্ন শাৰদীয় দূৰ্গা পূজাৰ প্ৰস্তুতি আৰু আনন্দ-উৎসৱৰ মাজতে দেওবাৰে গুৱাহাটীত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) প্ৰথমখন মেচ অনুষ্ঠিত হ’ব৷ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত নিশা ৭.৩০ বজাত হ’বলগা মেচত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে চলিত আই এছ এলৰ প্ৰথমখন ঘৰুৱা ষ্টেডিয়ামত খেলিব লগা মেচ৷ দলে এইবাৰ লীগৰ প্ৰথম দুখন মেচ কলকাতাত খেলিছে৷

আনহাতে, ইয়াৰপূৰ্বে দলে ছিজনৰ আৰম্ভনিতে ডুৰাণ্ড কাপৰ মেচ অসমত খেলিছিল যদিও গুৱাহাটীৰ সমৰ্থকৰ সন্মুখত চেম্পিয়ন দলটোৱে প্ৰথমবাৰৰ বাবে খেলিব৷ মহমেদান স্পৰ্টিং ক্লাবক পৰাস্ত কৰি এইবাৰ লীগত প্ৰত্যাশিত আৰম্ভনি কৰা নৰ্থ ইষ্ট ইউনাইটেডে কলকাতাত খেলা দ্বিতীয় মেচখনত ডিফেণ্ডিং চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে দুবাৰ অগ্ৰগতি লৈয়ো পৰাজয়ৰ সন্মুখীন হয়৷ গুৱাহাটীত দলে ঘৰুৱা অনুৰাগীৰ সন্মুখত কাইলৈ তিনি পইণ্ট অৰ্জনৰ লক্ষ্যৰে খেলিব৷

ইফালে, কেৰালা ব্লাষ্টাৰ্ছে প্ৰথম দুখন মেচ ঘৰত খেলাৰ পাছত কাইলৈ সৰুসজাইত তৃতীয় মেচত অংশ ল’ব৷ উল্লেখ্য যে কোচিত খেলা অভিযান মেচত কেৰালা ব্লাষ্টাৰ্ছ পঞ্জাৱ এফ চিৰ বিৰুদ্ধে পৰাস্ত হৈছিল৷ কিন্তু দ্বিতীয় মেচখনত ইষ্ট বেংগল এফ চিক পৰাস্ত কৰি গুৱাহাটীলৈ আহিছে৷ নৰ্থ ইষ্ট ইউনাইটেডে যোৱা ছিজনত গুৱাহাটীত খেলা অন্তিম দুখন মেচত কেৰালা ব্লাষ্টাৰ্ছ (২-০) আৰু ওড়িছা এফ চিক (৩-০) গলত পৰাস্ত কৰিছিল৷ কিন্তু সৰুসজাই ষ্টেডিয়ামত ঘৰুৱা দলটোৱে কেতিয়াও ধাৰাবাহিকভাবৱে তিনিখন মেচত জয়লাভ কৰা নাই৷ কাইলৈ নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে নতুন অভিলেখ গঢ়াৰ সুযোগ৷

“মোৰ বাবে প্ৰতিখন মেচে ফাইনেল৷ মই খেলুৱৈসকলৰ উন্নত প্ৰদৰ্শনৰ বাবে সচাকৈয়ে সুখী আৰু গৌৰৱান্বিত৷ অৱশ্যে আমি বহু ক্ষেত্ৰত উন্নতি সাধন কৰিব লাগিব৷ এতিয়া আমাৰ সন্মুখত কেৰালা ব্লাষ্টাৰ্ছ আৰু আমি এই মেচৰ বাবে সাজু৷ পৰৱৰ্তী খেলৰ চিন্তা পাছত কৰিম৷” নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিয়ে কয়৷ ইফালে, কেৰালা ব্লাষ্টাৰ্ছে নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে যোৱা ছখন মেচৰ তিনিখনত জয় তথা দুখন ড্ৰ খেলিছে৷ আই এছ এলত উভয় দলৰ মাজত হোৱা ২০ খন খেলৰ ভিতৰত নৰ্থইষ্ট ইউনাইটেডে পাচখন খেলত জয়লাভ কৰাৰ বিপৰীতে কেৰেলা ব্লাষ্টাৰ্ছে আঠবাৰ বিজয়ী হৈছে৷ সাতখন মেচৰ ফলাফল ড্ৰ’৷

যোৱা মেচৰ সফলতাৰ পাছত কেৰেলা ব্লাষ্টাৰ্ছৰ মুখ্য প্ৰশিক্ষক মাইকেল ষ্টাহৰেই কয় “অন্তিম ক্ষণত গল দি জয়লাভ কৰাটো আমাৰ বাবে ইতিবাচক দিশ৷ ফুটবলত সকলোৱে লাইন আপৰ কথা কয়, কিন্তু খেলৰ শেষ মিনিটত লাইন আপত কোন আছে সেই বিষয়টোহে অতি গুৰুত্বপূৰ্ণ৷” নৰ্থইষ্ট ইউনাইটেডৰ আলায়েডিন আজাৰাইয়ে প্ৰথম দুখন মেচত দুটা গ’ল দিছে৷ যদি তেওঁ কাইলৈ তৃতীয়খন খেলতো গ’ল দিয়ে তেন্তে একেৰাহে ছখন খেলত গ’ল দিয়া এলানোৰ পিছত তেওঁ আই এছ এলৰ প্ৰথম তিনিখন মেচৰ প্ৰতিখনতে গ’ল দিয়া দ্বিতীয়জন খেলুৱৈ হ’ব৷ ইফালে, তেৰটা গ’ল কৰা অসম সন্তান পাৰ্থিব গগৈয়ে বাৰ্থলমিউ অগবেচে (১৪)ৰ পৰা দুটা দূৰত্বত থকাৰ লগতে ফেডেৰিকো গালেগো (২০)ৰ পিছত নৰ্থইষ্ট ইউনাইটেডৰ হৈ দ্বিতীয় সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হোৱাৰ সুযোগ আছে৷