গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জুন : ২০২০ৰ অলিম্পিকত অন্তৰ্ভুক্ত হৈছে বেচবল । বেচবল প্ৰতিযোগিতাত অন্যান্য দলৰ তুলনাত ভাৰতীয় মহিলা দলৰ স্থান ১১ নম্বৰত আছে । ইণ্ডিয়ান অলিম্পিয়াডৰ তত্বাৱধানত থকা অসম বেচবল এছোচিয়েছনে অহা ১৩ জুলাইৰ পৰা ১৭ জুলাইলৈ চাব জুনিয়ৰ নেচনেল চেম্পিয়নশ্বিপ খেলৰ গুৱাহাটীত আয়োজন কৰিছে । এই ক্ষেত্ৰত মুঠ ২২খন ৰাজ্যই সঁহাৰি জনাইছে ।

অসম বেচবল এছোচিয়েছনে জানিবলৈ দিয়া অনুসৰি অসমত বেচবলৰ জনপ্ৰিয়তা কম । সীমিত সংখ্যক লোকৰ মাজতে আছে । সেয়ে অসম বেচবল এছোচিয়েছনে অসমত এই জনপ্ৰিয়তা বৃদ্ধিৰ বাবে চেষ্টা কৰিছে ।

সংবাদ মাধ্যমৰ আগতবঅসম বেচবল এছোচিয়েছনে কয় যে অসমক দেশৰ আন ঠাইৰ সৈতে পৰিচয় কৰাবৰ বাবেই এই খেলসমূহ অনুষ্ঠিত কৰা হয় । উন্নত মানৰ খেলৰ উপযুক্ত স্থানত অনুষ্ঠিত কৰিব পাৰিলে অসম তথা উত্তৰ পূব পৰ্য্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হব পাৰে।