ৰঙিয়া, ১৪ অক্টোবৰঃ ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই এটা দুৰ্ধৰ্ষ বাইক চোৰক আটক কৰে। আৰক্ষীয়ে চোৰটোৰ পৰা এখন হিৰো গ্লেমাৰ বাইক উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে, আটকাধীন চোৰটো নলবাৰীৰ মালিকুছিৰ দ্বীপজ্যোতি ডেকা। কিছুদিন পূৰ্বে নলবাৰীৰ অভিজিত চৌধুৰী নামৰ এজন ব্যক্তি ঘৰৰ পৰা এখন বাইকখন চুৰি হৈছিল। আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ জলজলীত থকা শহুৰেকৰ ঘৰৰ পৰা চোৰটোক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে, ইয়াৰ পূৰ্বেও দ্বীপজ্যোতিয়ে বহু কেইটা চুৰি ডকাইতিৰ ঘটনাৰ লগত জড়িত আছিল। বৰ্তমান ৰঙিয়া আৰক্ষীয়ে চোৰটোক জেৰা অব্যাহত ৰাখিছে৷