কলগাছিয়া, নবেম্বৰ ৬: প্ৰকৃত ভাৰতীয় নাগৰিকক ‘ডি’ ভোটাৰ সজাই অসম চৰকাৰে হাৰাশাস্তি কৰাৰ আন এক তথ্য পোহৰলৈ আহিছে৷ এইবাৰ ভাৰতীয় বায়ুসেনাত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা কলগাছিয়াৰ বালিকুৰি গাঁৱৰ ছামচুল হক আহমেদ আৰু তেওঁৰ পত্নী নুৰজাহান আহমেদক সন্দেহযুক্ত বাংলাদেশী সজাই হাৰাশাস্তি কৰিছে। বায়ুসেনাত কৰ্মৰত থকা অৱস্থাতে ১৯৯৭ চনত ছামচুল হক আহমেদ আৰু পত্নী নুৰজাহান আহমেদৰ নামৰ আগত বহোৱা হৈছিল ‘ডি’ শব্দ। ১৯৭৯ চনত ভাৰতীয় বায়ুসেনাত (Sergeant) হিচাপে  যোগদান কৰি ৩৫ বছৰ কাল ভাৰতৰহৈ সেৱা আগবঢ়োৱা ছামচুল হকে তেওঁৰ নামত ‘ডি’ ভোটাৰ বিষটোকলৈ মানসিকভাৱে ভাঙি পৰিছিল। পিছত অৱসৰ গ্ৰহণ কৰি বৰপেটা বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে  ২০১৭ চনৰ জুলাই মাহত ভাৰতীয় হিচাপে ৰায় পায় দুয়ো পতি-পত্নীয়ে। তেওঁৰ নামত ‘ডি’ ভোট হোৱা হেতুকে সন্তানৰ লিখা পঢ়া তথা চাকৰিত যোগদান কৰাৰ ক্ষেত্ৰতো বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল বুলি জানিবলৈ পোৱা গৈছে। এইজন সেনাৰ পুত্ৰই বৰ্তমান আমেৰিকাত কৰ্মৰত হৈ আছে। ছামচুল হকে অসম চৰকাৰলৈ প্ৰশ্ন কৰিছে, তেওঁক চাকৰি দিয়াৰ সময়ত যাৱতীয় নথি-পত্ৰ প্ৰশাসনে চালি-জালি দেখিছিল তাৰ পিছতো তেওঁক কিয় সন্দেহযুক্ত নাগৰিক হিচাপে জাননী দিয়া হল? বছৰে বছৰে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা  ভেৰিফিকেচনৰ চিঠি যোৱাৰ পিছতো কিয় মোৰ নামটো ‘ডি’ ভোটাৰত অন্তভূক্ত হ’ল।  মোৰ আজো ককা নাজিৰ শেখৰ নামত ১৯৩৬ আৰু ১৯৩৮ চনৰ মাটিৰ নথি, দেউতাক ফজৰ আলীৰ নামত ১৯৫১ চনৰ এন আৰ চি থকা সত্ত্বেও কিয় ডি ভোটাৰ সজোৱা হ’ল এই প্ৰশ্ন ছামচুল হকৰ। এই কাৰ্যৰ বাবে অসম চৰকাৰ তথা প্ৰশাসন যন্ত্ৰক দোষাৰোপ কৰি ষড়যন্তকাৰীৰ বিৰুদ্ধে মানহানিৰ গোছৰ কৰিব বুলি কয় সেনা বিষয়াগৰাকীয়ে৷