ৰঙিয়া, নৱেম্বৰ ৬: অসম আৰক্ষীৰ মূৰৰ কামোৰণী দুৰ্ধৰ্ষ বাইক চোৰ বিপুল শৰ্মা ওৰফে বিশ্বজিৎ ভট্টাচাৰ্য ৰঙিয়া আৰক্ষীৰ জালত৷  উজনি – নামনিত দীৰ্ঘদিন ধৰি বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা আৰক্ষীৰ ম’ষ্ট ৱান্টেড তালিকাত নাম থকা ছিপাঝাৰৰ  বিপুল শৰ্মাক ৰঙিয়াৰ তুলসীবাৰীৰ পৰা ৰঙিয়া আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে দুৰ্ধৰ্ষ বাইক চোৰটোক৷ লগতে চোৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বাইক চুৰিত ব্যৱহাৰ কৰা বহু যন্ত্ৰ পাতি, নগদ ধন, মোবাইল ফোন৷ ১০ মিনিটৰ ভিতৰত বাইকৰ লক ভাঙি এই চোৰে লৈ উধাও হয় এখন বাইক৷ ইতিমধ্যে ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আদি ঠাইত শ শ বাইক চুৰি কৰি ১০ ৰ পৰা ১২ হাজাৰ টকাৰ বিনিময়ত ঢেকিয়াজুলীৰ চিমান শ্বা বড়ো নামৰ এজন লোকৰ ওচৰত বিক্ৰী কৰি আহিছিল৷ অসম আৰক্ষীৰ নিদ্ৰা হৰণ কৰা দুৰ্ধৰ্ষ এই বাইক চোৰটোক আটক কৰাৰ পাছত এতিয়া স্বস্থিৰ নিশ্বাস এৰিছে আৰক্ষীয়ে৷ সম্প্ৰতি ৰঙিয়া থানাত আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে আটকাধীন বাইক চোৰ বিপুল শৰ্মাক৷ ৰঙিয়া আৰক্ষীয়ে জেৰা কৰি এই চুৰি দলটোৰ সৈতে জড়িত বাকীকেইজন সদস্যৰ বহু ন ন তথ্যৰ সম্ভেদ লাভ কৰিব৷