ৰঙিয়া, নৱেম্বৰ ৬: ৰঙিয়াৰ তুলসীবাৰীত উত্তাল প্ৰতিবাদ৷ আছু আৰু এপ’ল মিল শ্ৰমিক সন্থাই অৱৰোধ কৰিলে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ৷ এপ’ল মিল পুনৰুজ্জীৱিত কৰাৰ বাবে ৯.৩৫ কোটি টকা মুকলি, এপ’ল মিলৰ অনিয়োজিত কৰ্মচাৰী সকলক VRS দিয়াৰ দাবীত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদৰ ফলত শ শ যান-বাহন আবদ্ধ হৈ পৰে৷ পৰস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী–CRPF দল মোতায়েন কৰা হয়৷ চৰকাৰৰ ঘোষিত ৯.৩৫ কোটি  টকা শীঘ্ৰে মুকলি কৰাৰ দাবীত শুক্ৰবাৰে উত্তাল হোৱাৰ লগতে এ’পলৰ অনিয়োজিত কৰ্মচাৰীসকলক ভি আৰ এছ দিয়াৰ দাবী জনালে প্ৰতিবাদ কাৰীসকলে৷ এ’পলক পুনৰুজ্জ্বীৱিত কৰক , বিজেপি চৰকাৰ হায় হায় , চৰকাৰে ঘোষণা কৰা  ৯.৩৫ কোটি টকা শীঘ্ৰে মুকলি কৰি দিয়ক , হিমন্ত বিশ্ব শৰ্ম্মা মুৰ্দাবাদ, সাংসদ ভূৱনেশ্বৰ কলিতা, বিধায়ক ভৱেশ কলিতা মুৰ্দাবাদ, ৰমেন ডেকা হায় হায় আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এপ’লক পুনৰুজ্জ্বীৱিত কৰিব বুলি কেইবাবাৰো ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে কোনো ধৰণৰ যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল বুলি প্ৰতিবাদকাৰী সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ অতি শীঘ্ৰে এপ’লক পুনৰুজ্জ্বীৱিত নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলা হটব বুলি চৰকাৰক সকিয়াই দিয়ে৷