গোৱালপাৰা : গোৱালপাৰাত আৰক্ষীৰ গুলী চালনা। গোৱালপাৰাত আৰক্ষীৰ গুলীত নিহত তিনিজনকৈ দুধর্ষ ডকাইত। আৰক্ষী আৰু ডকাইতৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় দুধর্ষ ডকাইত তিনিজন। শুকুৰবাৰে নিশাৰ ভাগত গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই সংঘৰ্ষ।

ৰাজ্যত পুনৰ আৰক্ষীৰ গুলীত নিহত হৈছে অপৰাধী। এইবাৰ গোৱালপাৰা আৰক্ষীৰ গুলীত নিহত হৈছে তিনিজনকৈ দুধর্ষ ডকাইত। শুকুৰবাৰে নিশা প্ৰায় ৮.৩০ বজাত গোৱালপাৰাৰ আগিয়া থানাৰ অন্তৰ্গত পাইকাণৰ আলোক বজাৰত সংঘটিত হয় আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়গুলীৰ ঘটনা।

এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে ডকাইতৰ দলৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে ডকাইতৰ দলটোৱে আৰক্ষীৰ ওপৰত গুলী বর্ষণ কৰে। আৰক্ষীয়ে প্ৰত্যুত্তৰ ডকাইতৰ দলটোৰ ওপৰত গুলী চালনা কৰাত এজন ডকাইত ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে দুজন ডকাইতৰ মৃত্যু হয় চিকিৎসালয়লৈ নিয়াৰ পথত।

ডকাইতৰ দলটোৱে এক ডকাইতিকাণ্ড সংঘটিত কৰাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। নিহত ডকাইত তিনিজন ক্ৰমে শ্বাহজাহান আলী, নজৰুল হক আৰু ছুজন আলী। ডকাইতৰ দলটোৱে এখন পিক আপ ভেন লৈ চুপাৰী ভৰ্তি আন এখন পিক আপ ভেনত ডকাইতি কৰাৰ পৰিকল্পনা কৰি আছিল আৰু আৰক্ষীক দেখা মাত্ৰই ডকাইতৰ দলটোৱে আৰক্ষীৰ ওপৰত গুলী বর্ষণ কৰিছিল।