জোনমণি বেগম
বিশ্বনাথ : কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৰ মৃতদেহ উদ্ধাৰ। বিশ্বনাথঘাটৰ পশ্চিম-দক্ষিণ দিশৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষত ব্ৰহ্মপুত্ৰৰ নদীত উদ্ধাৰ হয় কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৰ মৃতদেহ। বিশ্বনাথৰ নদী আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্ত বিষয়া উপস্থিত হৈছে।

কেৰেলাৰ পৰা বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনা কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৰ মৃতদেহ উদ্ধাৰ হৈছে ব্ৰহ্মপুত্ৰ নদীত।বিশ্বনাথ আৰক্ষীৰ জিম্মাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি পলায়ণ কৰিছিল কুখ্যাত গঁড় চিকাৰীজন। যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথ আৰক্ষীয়ে কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকুক লগত লৈ এক অভিযান চলাবলৈ যোৱাৰ সময়ত বিশ্বনাথ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল গঁড় চিকাৰীজন।

লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খড়্গৰ সম্ভেদ দিবলৈ বিশ্বনাথঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ কেটেং টাপুলৈ আৰক্ষীয়ে নিয়াৰ সময়ত আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাপসহ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাপদি পলায়ন কৰিছিল কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৱে। ১৭ ফেব্ৰুৱাৰীৰ পৰাই গঁড় কুখ্যাত চিকাৰীজনৰ সন্ধানত আৰক্ষী আৰু এন ডি আৰ এফ বাহিনীয়ে ব্ৰহ্মপুত্ৰ নদীত অভিযান চলাই আছিল। অৱশেষত শুকুৰবাৰে সন্ধিয়া ৭ দিনৰ পিছত নদী আৰক্ষীয়ে গঁড় চিকাৰীজনৰ মৃতদেহ উদ্ধাৰ কৰে।

কেৰেলাৰ পৰা গ্ৰেপ্তাৰ কৰা কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুকেইটা গঁড় হত্যাৰ লগত জড়িত আছিল। বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত ১ নম্বৰ আদাভেটিৰ বাসিন্ধা কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকু। ঘটনাস্থলীত উপস্থিত হৈছে বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষকসহ দণ্ডাধীশ।