গোৱালপাৰা : চৰকাৰী বিষয়াক উৎকোচ দিবলৈ আহি গ্ৰেপ্তাৰ হ’ল এজন। আফিং খেতিৰ উচ্ছেদ অভিযান বন্ধ কৰাৰ বাবে উৎকোচ দিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল চন্দ্ৰ শেখৰ ত্ৰিপাঠী নামৰ এজন লোক। চক্ৰ বিষয়াক ১ লাখ ৯৮ হাজাৰ টকা উৎকোচ দিবলৈ আহিছিল চন্দ্ৰ শেখৰ ত্ৰিপাঠী।

নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই থাকৰ লগতে ৰাজ্যৰ চৰাঞ্চল সমূহত অবৈধভাৱে কৰা আফিং খেতিৰ উচ্ছেদ প্ৰক্ৰিয়া অব্যাহত আছে। ইতিমধ্যে প্ৰতিখন জিলাৰ আৰক্ষী আৰু প্ৰশাসনে চৰাঞ্চল সমূহৰ বিঘাই বিঘা ভূমিত কৰা আফিং খেতিৰ উচ্ছেদ কৰিছে।

গোৱালপাৰা জিলাৰ আৰক্ষী আৰু প্ৰশাসনেও জিলাখনৰ চৰাঞ্চলত আফিং খেতিৰ বিৰুদ্ধে অভিযান চলাই আছে। ইতিমধ্যে জিলাখনৰ লক্ষীপুৰৰ অন্তৰ্গত চুনাৰী চৰত লাক্ষীপুৰ আৰক্ষী আৰু আৰু চক্ৰ বিষয়াই আফিং খেতিৰ বিৰুদ্ধে অভিযান চলাই আফিং খেতি বিনষ্ট কৰিছে।

চৰাঞ্চলটোত আফিং খেতিৰ উচ্ছেদ বন্ধ কৰিবলৈ চন্দ্ৰ শেখৰ ত্ৰিপাঠীয়ে চক্ৰ বিষয়া ৰাজীৱ গগৈক ১ লাখ ৯৮ হাজাৰ টকা উৎকোচ দিবলৈ গৈ হাতে লোতে ধৰা পৰে। লক্ষীপুৰ আৰক্ষীয়ে চন্দ্ৰ শেখৰ ত্ৰিপাঠীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।