আমিনগাঁও : কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ‘সজাগ ভোটাৰ ফুটবল প্ৰতিযোগিতা’। ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে সমাগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি নিৰ্বাচন বিভাগে গ্ৰহণ কৰা ‘সজাগ ভোটাৰ প্ৰতিযোগিতা’ৰ অংশ হিচাপে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰ মিলি দুটা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ প্ৰতিযোগিতাখন পলাশবাৰী অঞ্চলৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হয়। আনহাতে স্নাতক পৰ্যায়ৰ খেলসমূহ কমলপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয়।

উচ্চতৰ মাধ্যমিক শাখাত মুঠ ৪ টা দলে অংশ গ্ৰহণ কৰাৰ বিপৰীতে স্নাতক পৰ্যায়ৰ প্ৰতিযোগিতাত ৭ টা দলে অংশগ্ৰহণ কৰে। মঙলবাৰৰ প্ৰতিযোগিতাত উচ্চতৰ মাধ্যমিক শাখাত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ীৰ সন্মান দখল কৰে। প্ৰতিযোগিতাৰ অন্তত কামৰূপ জিলা নিৰ্বাচনী বিষয়া মানসজ্যোতি বৰাই বিজয়ী দলক পুৰস্কাৰ প্ৰদান কৰে।

আনাহাতে স্নাতক শাখাৰ চূড়ান্ত পৰ্যায়ৰ খেলসমূহ বুধবাৰে অনুষ্ঠিত হ’ব। এই শাখাৰ প্ৰথমখন ছেমি ফাইনেল বিদ্যাভাৰতী মহাবিদ্যালয় আৰু ৰঙিয়া মহাবিদ্যালয়ৰ মাজত আৰু দ্বিতীয়খন ছেমি ফাইনেল নগৰবেৰাৰ বিপিচি মহাবিদ্যালয় আৰু শিঙীমাৰীৰ পূব বংশৰ মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হ’ব। এই খেলদুখনৰ বিজয়ী দল দুটাৰ মাজত এই শাখাৰ চূড়ান্ত খেলখনো বুধবাৰে অনুষ্ঠিত হ’ব।